মেঘালয়ত কংগ্ৰেছত দলত্যাগৰ জোৱাৰ উঠাৰ ঘটনাৰ তদন্ত কৰিব নেতৃত্বইঃ খাৰ্গে

বুধবাৰে নিশা ৰাজ্যখনৰ প্ৰাক্তন কংগ্ৰেছ মুখ্যমন্ত্ৰী মুকুল চাংমাসহ দলৰ ১২ জন বিধায়কে তৃণমূল কংগ্ৰেছত যোগদান কৰে।
মেঘালয়ত কংগ্ৰেছত দলত্যাগৰ জোৱাৰ উঠাৰ ঘটনাৰ তদন্ত কৰিব নেতৃত্বইঃ খাৰ্গে
Published on

মেঘালয়ৰ অধিকাংশ কংগ্ৰেছ বিধায়কে অলপতে তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷ এই দলত্যাগৰ কাৰণ নিৰ্ণয়ৰ বাবে দলীয় নেতৃত্বই তদন্ত কৰিব বুলি দলৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গেই প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে বুধবাৰে নিশা ৰাজ্যখনৰ প্ৰাক্তন কংগ্ৰেছ মুখ্যমন্ত্ৰী মুকুল চাংমাসহ দলৰ ১২ জন বিধায়কে তৃণমূল কংগ্ৰেছত যোগদান কৰে। স্বাভাৱিকতে ইয়ে দেশৰ সবাতোকৈ পুৰণি দলটোত প্ৰবল জোঁকাৰণিৰ সৃষ্টি কৰিছে। ঘটনাটোক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে দলীয় নেতৃত্বই। 

মেঘালয়ৰ সদ্য-দলত্যাগী নেতা-বিধায়কসকলক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা খাৰ্গেই। তেওঁ কয় যে দলীয় নেতৃত্বই সমগ্ৰ ঘটনাৰ তদন্ত কৰিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com