কংগ্ৰেছ ক্ষমতালৈ আহিলে জনগোষ্ঠীয় লোকৰ অধিকাৰ সুৰক্ষিত কৰিব: ৰাহুল গান্ধী

কংগ্ৰেছ  ক্ষমতালৈ আহিলে জনগোষ্ঠীয় লোকৰ অধিকাৰ সুৰক্ষিত কৰিব: ৰাহুল গান্ধী
Published on

কংগ্ৰেছৰ অধক্ষ্য ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে যে কংগ্ৰেছ যদি ক্ষমতালৈ আহে তেতিয়া জনগোষ্ঠীয় লোকৰ বন, মাটি আৰু পানী সুৰক্ষিত কৰিব।

ঝাৰখণ্ডৰ চাইবাছাত এক ৰেলী সম্বোধন কৰি ৰাহুল গান্ধীয়ে লগতে কয় যে এন ৱাই এ ৱাই আচনিৰ অধিনত দুখীয়া লোকসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব। ৰাহুল গান্ধীয়ে কংগ্ৰেছ আৰু মহাগতবন্ধনৰ প্ৰাৰ্থী গীতা কোডাৰ হৈ প্ৰচাৰ চলাই ।

ৰাহুল গান্ধীয়ে লগতে কয় যে কংগ্ৰেছে জনগোষ্ঠীয় সকলৰ পানী, বন আৰু মাটি সুৰক্ষিত কৰিব। লগতে তেওঁ কয় যে এন ৱাই এ ৱাই আঁচনিৰ অধিনত দুখীয়া লোকসকলৰ যথেষ্ট সুবিধা হব । জনগোষ্ঠীয় লোকৰ লগতে , দুখীয়া আৰু খেতিয়ক আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ বেংক একাউণ্টত ৭২,০০০ টকা জমা হব বুলি প্ৰকাশ কৰে ।

কংগ্ৰেছৰ অধ্যক্ষ গৰাকীয়ে লগতে কয় যে ২২ লাখ চৰকাৰী চাকৰি খালী হৈ আছে । ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ ক্ষেমতালৈ আহিলে এই চাকৰি সমুহত নিযুক্তি দিয়া হব বুলি প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে।

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী মাধু কোডাৰ পত্নী গীতা কোডা বিজেপিৰ প্ৰাৰ্থী লক্ষ্মন গীলোৱাৰ বিৰুদ্ধে সিঙভূম লোকসভা সমষ্টিত প্ৰতিদন্দ্বিতা কৰিব ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com