ক'ৰ'না মহামাৰীঃ গুৱাহাটীৰ ছাত্ৰীবাৰীৰ একাংশক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ছাত্ৰীবাৰীৰ কে চি চি ৰোডত SWEDA complex-ত ক’ৱিড-১৯আক্ৰান্ত চিনাক্ত হৈছে।
ক'ৰ'না মহামাৰীঃ গুৱাহাটীৰ ছাত্ৰীবাৰীৰ একাংশক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ক'ৰ'না মহামাৰী আক্ৰান্ত চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ নীতি অনুসৰি কামৰূপ(মহানগৰ)জিলা প্ৰশাসনে এই ভাইৰাছৰ অধিক সংক্ৰমণ প্ৰতিহত কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ ছাত্ৰীবাৰীৰ একাংশক কণ্টেইনমেণ্ট জ'ন বা মণ্ডলৰূপে ঘোষণা কৰিছে। জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ১৭জুনত এক নিৰ্দেশযোগে এই কথা ঘোষণা কৰে ৷ ছাত্ৰীবাৰীৰ কে চি চি ৰোডত SWEDA complex-ত ক'ৱিড-১৯আক্ৰান্ত চিনাক্ত হোৱাৰ পাছতে প্ৰশাসনে এক জাননীযোগে এই কথা ঘোষণা কৰে ৷

উপায়ুক্তই জাননীত উক্ত কণ্টেইনমেণ্ট মণ্ডলৰ চাৰিসীমা নিম্নোক্ত ধৰণেৰে নিৰ্ধাৰণ কৰা হৈছেঃ

উত্তৰঃ অজিতছাৰিয়া ছাত্ৰ নিবাস

দক্ষিণঃ গুৱাহাটী গো-শালা

পূবঃ গুৱাহাটী গো-শালা আৰু

পশ্চিমঃ ছাত্ৰীবাৰীৰ কে চি চি ৰোড ৷

ইপিনে, অসমত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৪,৬৯৪ জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ৮৯ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। ফলত ৰাজ্যত শৰীৰত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪,৬৯৪ জনলৈ বৃদ্ধি পাইছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com