ক'ৰ'নাঃ চকুৰ কৰ্ণিয়া সংৰোপণত বৃহৎ বাধাৰ সৃষ্টি

কৰ্ণিয়া আৱৰণীয়ে চকুক ধূলি-মাকতি, বীজাণু আদিৰ পৰা ৰক্ষা কৰে ৷
ক'ৰ'নাঃ চকুৰ কৰ্ণিয়া সংৰোপণত বৃহৎ বাধাৰ সৃষ্টি

মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ ভয়াবহ সংক্ৰমণে আনুসংগিক অনেক সমস্যাৰ সৃষ্টি কৰিছে ৷ সম্প্ৰতি এটা জটিল সমস্যাই দেখা দিছে চকুৰ কৰ্ণিয়া সংৰোপণৰ ক্ষেত্ৰত৷ ইয়ে বহু লোকৰ জীৱনলৈ অকাল অন্ধত্ব কঢ়িয়াই অনাৰ আশংকা প্ৰকট কৰিছে। বহু চিকিৎসক তথা চিকিৎসালয়ে ক'ৰ'না সংক্ৰমিত হোৱাৰ আশংকাত কৰ্ণিয়াৰ সংৰোপনৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈ দ্বিধা-সংকোচ কৰিবলৈ লৈছে। অসমতো এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। কৰ্ণিয়া হৈছে চকুৰ আইৰিছ অংশ আবৰি ৰখা গোলাকৃতিৰ আৱৰণী ৷ কৰ্ণিয়া আৱৰণীয়ে চকুক ধূলি-মাকতি, বীজাণু আদিৰ পৰা ৰক্ষা কৰে ৷ নষ্ট কৰ্ণিয়াৰ স্থানত নিৰোগী কৰ্ণিয়া চকুৰ চিকিৎসকে সংৰোপণ কৰে ৷

উল্লেখ যে কেটাৰেক্ট সৃষ্টি হৈ দেশত বহু লোকে অন্ধত্বৰ সন্মুখীন হয়। এই ক্ষেত্ৰত দ্বিতীয় স্থান দখল কৰিছে কৰ্ণিয়া নষ্ট হোৱাৰ ফলত সৃষ্টি হোৱা অন্ধত্ব। অসমত বছৰি দুশৰ পৰা তিনিশ কৰ্ণিয়া দান সম্পন্ন হয়। কিন্তু ক'ৰ'নাৰ সংক্ৰমণ ভয়াবহ ৰূপত বৃদ্ধি পোৱাত কৰ্ণিয়া সংৰোপণ বাধাগ্ৰস্ত হৈছে ৷ কৰ্ণিয়াৰ ফলত ক'ৰ'না সংৰোপণ বহু পৰিমাণে বাধাগ্ৰস্ত হোৱা বুলি প্ৰকাশ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এজন চকু ৰোগ বিশেষজ্ঞই ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com