Begin typing your search above and press return to search.

ছেপ্টেম্বৰত বজাৰলৈ ক'ৰ'না ভাইৰাছৰ ভেকচিন!

ৰাছিয়াৰ ছেচেন’ভ বিশ্ববিদ্যালয়ৰ দাবী হল যে বিশ্বত ক’ৰ’না ভাইৰাছৰ ভেকচিনৰ সকলো পৰীক্ষণ সফল হৈছে।

ছেপ্টেম্বৰত বজাৰলৈ কৰনা ভাইৰাছৰ ভেকচিন!

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 July 2020 6:34 AM GMT

সুখবৰ! অহা ছেপ্টেম্বৰত বজাৰলৈ মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ প্ৰতিষেধক বা ভেকচিন অহাৰ সম্ভাৱনা আছে। প্ৰায় সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা এই ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুতৰ বাবে প্ৰায় সমগ্ৰ বিশ্বৰ স্বাস্থ্য বিজ্ঞানীসকলে গৱেষণা অব্যাহত ৰাখিছে। ভাৰত, চীন, আমেৰিকা, ব্ৰিটেইন, ৰাছিয়াসহ কেইবাখনো দেশত ভেকচিনৰ পৰীক্ষাগাৰত পৰীক্ষা-নিৰীক্ষা কৰি আছে। এনে অৱস্থাতে এক সুখবৰ প্ৰেৰণ কৰিছে ৰাছিয়াই। ৰাছিয়াৰ চিকিত্সা বিজ্ঞানীসকলে দাবী কৰা অনুসৰি তেওঁলোকে ক'ৰ'না ভাইৰাছৰ ভেকচিন প্ৰথম ভেকচিন উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। ৰাছিয়াৰ ছেচেন'ভ বিশ্ববিদ্যালয়ৰ দাবী হল যে বিশ্বত ক'ৰ'না ভাইৰাছৰ ভেকচিনৰ সকলো পৰীক্ষণ সফল হৈছে। সকলো ঠিকে থাকিলে এই ভেকচিন ছেপ্টেম্বৰলৈ বজাৰত উপলব্ধ হ'ব।

এই ভেকচিনৰ নাম Gam-COVID-Vac Lyo ৰখা হৈছে। ৰাছিয়াৰ ছেচেন'ভ বিশ্ববিদ্যালয়ে দাবী কৰিছে যে এই ভেকচিন মানৱ শৰীৰত সফলভাৱে পৰীক্ষণ সম্পন্ন হৈছে। মানুহক এবাৰ প্ৰয়োগ কৰিলে দীৰ্ঘ সময়লৈ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব।

ৰাছিয়াৰ ফাৰ্মা কোম্পানী আৰ ফাৰ্মায়ো ক'ৰ'না মহামাৰীৰ চিকিৎসাৰ বাবে ঔষধ প্ৰস্তুত কৰিছে। এই নতুন এণ্টিভাইৰেল ঔষধবিধৰ নাম ক'ৰ'নাবিৰ ৰখা হৈছে। কোম্পানীটোৰ দাবী ক'ৰ'নাবিৰ এনে ঔষধ, যিয়ে ক'ৰ'না মহামাৰীত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে সম্পূৰ্ণৰূপে ফলদায়ক।

আৰু পঢ়িব পাৰেঃ চি বি এছ ইৰ দশম শ্ৰেণীৰ চূড়ান্তৰ ফলাফল, কেনেদৰে চাব পাৰিব

Next Story
চাকৰি