আত্মতুষ্টিৰ বাবে দেশত ক'ৰ'না আক্ৰান্ত বাঢ়িছেঃ মুখ্য সচিব

সঞ্জয় কৃষ্ণই কয় যে বহু লোকে আত্মতুষ্টিত ভুগিবলৈ লোৱাৰ ফলত পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে।
আত্মতুষ্টিৰ বাবে দেশত ক'ৰ'না আক্ৰান্ত বাঢ়িছেঃ মুখ্য সচিব
Published on: 

বহু লোকৰ বেপৰোৱা আচৰণৰ বাবে দেশত ক'ৰ'না মহামাৰী আক্ৰান্তৰ সংখ্যা উদ্ধেগজনকভাবে বৃদ্ধট পাইছে ৷ আজি এনে এক সকীয়নী জাৰি কৰি ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কয় যে বহু লোকে আত্মতুষ্টিত ভুগিবলৈ লোৱাৰ ফলত পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে। পৰিস্থিতি জটিল হৈ পৰাৰ কাৰণ ব্যাখ্যা কৰি মুখ্য সচিবগৰাকীয়ে এটা টুইটত কয়, " তিনিটা কাৰণত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ ইয়াৰে এটা কাৰণ হৈছে নমুনা পৰীক্ষাৰ সংখ্যা বৃদ্ধি ৷ আৰ্থিক কাম-কাজ বৃদ্ধি আৰু বহুলোক আত্মতুষ্টিত ভুগিবলৈ ধৰাটো"৷

উল্লেখ্য যে অসমত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে লাখৰ ঘৰ অতিক্ৰম কৰিছে ৷ কালি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো পৰিস্থিতি জটিল হোৱা বুলি ইংগিত দিয়ে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com