ক'ৰ'নাৰ সংক্ৰমণৰ হাৰঃ গুৱাহাটী-যোৰহাটৰ পৰিস্থিতিৰ মিল আছে !

এক লাখ লোকৰ বসতিস্থল যোৰহাটত নিতৌ গড়ে ৬০-৭০ জন লোক ক’ৰ’নাত আক্ৰান্ত হৈছে
ক'ৰ'নাৰ সংক্ৰমণৰ হাৰঃ গুৱাহাটী-যোৰহাটৰ পৰিস্থিতিৰ মিল আছে !
Published on

যোৰহাট আৰু গুৱাহাটীৰ পৰিস্থিতিৰ ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ দিশৰ পৰা একে। এই মন্তব্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি শনিবাৰে স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ হাৰৰ ক্ষেত্ৰত যোৰহাট আৰু গুৱাহাটীৰ পৰিস্থিতিৰ মাজত মিল আছে। " ১০ লাখ লোকে বাস কৰা গুৱাহাটীত ক'ৰ'নাত নিতৌ পাঁচশজন লোক আক্ৰান্ত হৈছে। আনহাতে, এক লাখ লোকৰ বসতিস্থল যোৰহাটত নিতৌ গড়ে ৬০-৭০ জন লোক ক'ৰ'নাত আক্ৰান্ত হৈছে," মন্ত্ৰীজনে এইদৰে কয়। কেন্দ্ৰীয় চৰকাৰে আগষ্টৰ অন্তিমত অসমত ৬৫ হেজাৰ লোক ক'ৰ'নাত আক্ৰান্ত হব বুলি কৰা পূৰ্বাণুমান সম্পৰ্কে তেওঁ কয় যে ৰাজ্য চৰকাৰে ৰোগীৰ চিকিত্সাৰ বাবে আন্তঃগাঁথনি বৃদ্ধি কৰিছে।

উল্লেখ্য যে শেহতীয়াভাবে যোৰহাটতো ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। কালি নগৰত নতুনকৈ ৯২জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। ফলত প্ৰশাসনে ১০ টা স্থানক কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com