শৰীৰত অক্সিজেনৰ পৰিমাণ হ্ৰাসঃ গগৈক প্লাজমা থেৰাপী

শৰীৰত অক্সিজেনৰ পৰিমাণ হ্ৰাসঃ গগৈক প্লাজমা থেৰাপী

যোৱা নিশা ১১-৩০বজাত প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ শৰীৰত অক্সিজেনৰ সংপৃক্ততা ৮৮শতাংশলৈ হ্ৰাস পায় ৷

ক'ৱিড-১৯ত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সোমবাৰে নিশা চিকিৎসকে প্লাজমা থেৰাপী দিয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা গগৈৰ শৰীৰত যোৱা নিশা অক্সিজেনৰ পৰিমাণ হ্ৰাস পায়। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁক প্লাজমা থেৰাপী প্ৰদান কৰা হয়। এই কথা সদৰী কৰি এটা টুইটত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱা নিশা ১১-৩০বজাত প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ শৰীৰত অক্সিজেনৰ সংপৃক্ততা ৮৮শতাংশলৈ হ্ৰাস পায় ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত চিকিৎসকৰ এটা দলে তেওঁক প্লাজমা থেৰাপী প্ৰদান কৰে ৷

উল্লেখ্য যে ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে লক্ষাধিকৰ ঘৰ অতিক্ৰম কৰাত পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com