দেশত ক'ৰ'নাত আক্ৰান্তৰ আৰোগ্যৰ হাৰ ৫০শতাংশৰ অধিকঃ প্ৰধানমন্ত্ৰী মোদী

দেশত মহামাৰীত মৃতৰ সংখ্যা বিশ্বত সৰ্বনিম্ন। ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে ভাৰতে যি যুঁজ দিছে, সেই কথা সোঁৱৰণ কৰি থাকিব।
দেশত ক'ৰ'নাত আক্ৰান্তৰ আৰোগ্যৰ হাৰ ৫০শতাংশৰ অধিকঃ প্ৰধানমন্ত্ৰী মোদী
Published on

দেশত ক'ৰ'নাত আক্ৰান্তসকলৰ ৫০ শতাংশৰ অধিক সুস্থ হৈছে। সোমবাৰে দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা এক ভিডিঅ কনফাৰেন্সত এই মন্তব্য কৰে প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিছুদিন পূৰ্বে মোদীয়ে আজি তথা ১৬ আৰু ১৭ জুনত দেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা ঘোষণা কৰে। আজি প্ৰথমদিনা তেওঁ অসমকে ধৰি উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ লগতে দেশৰ আন একাংশ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ কনফাৰেন্সত মিলিত হয়। এই ভিডিঅ কনফাৰেন্সৰ সময়ত মোদীয়ে কয়, " আমাৰ জনসংখ্যা বৃহত হোৱা সত্বেও আমি ক'ৰ'নাত মৃতৰ সংখ্যা হ্ৰাস কৰিবলৈ সক্ষম হৈছো। ই সমগ্ৰ বিশ্বত আলোচনাৰ বিষয়ত পৰিণত হৈছে"। তেওঁ লগতে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে মাস্ক পৰিধান অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

বিশ্বতকৈ আগতে ভাৰতে ক'ৰ'না ভাইৰাছৰ প্ৰাদুৰ্ভাব নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰে বুলি মন্তব্য কৰি মোদীয়ে লগতে কয়, " আজি ক'ৰ'না মহামাৰীত আক্ৰান্তসকল আৰোগ্য হোৱাৰ হাৰ ৫০ শতাংশৰ অধিক হৈছে। এইখন দেশত মহামাৰীত মৃতৰ সংখ্যা বিশ্বত সৰ্বনিম্ন। ক'ৰ'না ভাইৰাছৰ বিৰুদ্ধে ভাৰতে যি যুঁজ দিছে, সেই কথা ভৱিষ্যতে বিশ্বই সোঁৱৰণ কৰি থাকিব। আমি সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ উদাহৰণ দাঙি ধৰিছো"। দেশবাসীয়ে যেনেদৰে প্ৰথম পৰ্যায়ৰ তলাবন্ধ মানি ল'লে তেনেদৰে আগন্তুক মাস্ক পৰিধানত তেওঁ গুৰুত্ব আৰোপ কৰে। আনহাতে, দেশৰ অৰ্থনীতি পুনৰ আগৰ অৱস্থালৈ ধাৱমান হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আৰু কয়, " বিদ্যুতৰ ব্যৱহাৰ প্ৰায় ৭০ শতাংশ পূৰ্বৰ দৰে হৈছে। অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ অৰ্থে ৰাজ্য চৰকাৰসমূহে লোৱা কৰ্মসূচী অৱগত কৰিবলৈ অনুৰোধ জনালো"। এই ভিডিঅ কনফাৰেন্সত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীবৰ্গৰ লগতে পঞ্জাৱ, কেৰালা, গোৱা, উত্তৰাখণ্ড আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীসকলে অংশ লয়।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com