ৰাজ্যৰ সকলো শিক্ষকেই কৰাব লাগিব ক'ৰ'না পৰীক্ষাঃ স্বাস্থ্য মন্ত্ৰী

পুনৰ পাঠদান আৰম্ভ কৰা সম্পৰ্কত তেওঁ কয় যে সিদ্ধান্ত ল'বৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ নিৰ্দেশনালৈ অপেক্ষা কৰিছে।
ৰাজ্যৰ সকলো শিক্ষকেই কৰাব লাগিব ক'ৰ'না পৰীক্ষাঃ স্বাস্থ্য মন্ত্ৰী

অসমৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে বাধ্যতামূলক হ'ল ক'ৰ'নাৰ নমুনা পৰীক্ষা। আজি গুৱাহাটীত এখন সংবাদমেলত এই কথা ঘোষণা কৰি স্বাস্থ্য মন্ত্ৰী তথা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ সকলো স্কুল শিক্ষক আৰু মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে ক'ৰ'নাৰ নমুনা পৰীক্ষা বাধ্যতামূলক কৰা হৈছে।

অহা ২১ আগষ্টৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীসকলে ক'ৰ'নাৰ নমুনা পৰীক্ষা কৰাব লাগিব বুলি মন্তব্য কৰি মন্ত্ৰী শৰ্মাই লগতে কয়, " সকলো স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা তথা শিক্ষাখণ্ডৰ সৈতে জড়িত সকলো লোকেই ক'ৰ'নাৰ নমুনা পৰীক্ষা কৰাব লাগিব। এয়া বাধ্যতামূলক কৰা হৈছে। অহা ২১ আগষ্টৰ পৰা ৩০ আগষ্টলৈ এই পৰীক্ষা কৰাব লাগিব।নমুনা পৰীক্ষাৰ ফলাফলৰ কথা অহা ১ ছেপ্টেম্বৰত সংশ্লিষ্ট শিক্ষানুষ্ঠান কৰ্তৃপক্ষক অৱগত কৰাব লাগিব"।

আনহাতে, শিক্ষানুষ্ঠানত পুনৰ পাঠদান আৰম্ভ কৰা সম্পৰ্কত তেওঁ কয় যে এই ক্ষেত্ৰত সিদ্ধান্ত ল'বৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ নিৰ্দেশনালৈ অপেক্ষা কৰিছে। কাৰণ ক'ৰ'না মহামাৰী এক ৰাষ্ট্ৰীয় দুৰ্যোগ।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com