Begin typing your search above and press return to search.
ক'ৰ'নাৰ সংক্ৰমণ পৰীক্ষণঃ গুৱাহাটীৰ বাবে এক লাখ নতুন সঁজুলি
ইয়াৰে এক লাখ কিট চৰকাৰে কেৱল গুৱাহাটীৰ বাবে অনুমোদন জনাইছে।

ৰাজ্যত উদ্বেগজনক হাৰত বৃদ্ধি পোৱা ক'ৰ'নাৰ সংক্ৰমণ প্ৰতিৰোধৰ চেষ্টা চলাই থকা শেহতীয়াভাৱে এই মহামাৰীবিৰোধী যুঁজত আন এক অস্ত্ৰৰ সংযোজন ঘটাইছে । স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাজ্য চৰকাৰে ক'ৰ'নাৰ সংক্ৰমণ পৰীক্ষণৰ উদ্দেশ্যে দুই লাখ ৰেপিড পইণ্ট অৱ কেয়াৰ এণ্টিজেন ডিটেকচন টেষ্ট কিট ক্ৰয় কৰিছে। ইয়াৰে এক লাখ কিট চৰকাৰে কেৱল গুৱাহাটীৰ বাবে অনুমোদন জনাইছে। এই কথা সদৰী কৰি এটা টুইটত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়," অতি কম সময়ৰ ভিতৰতে ক'ৰ'নাৰ সংক্ৰমণ পৰীক্ষণ আৰু ক'ৰ'না ৰোগীৰ চিকিত্সাৰ বাবে দুই লাখ ৰেপিড পইণ্ট অৱ কেয়াৰ এণ্টিজেন ডিটেকচন টেষ্ট কিট অনা হৈছে।এই নতুন কিট দিল্লীৰ আই চি এম আৰৰ দ্বাৰা অনুমোদিত"।স্বাস্থ্য মন্ত্ৰীয়ে লগতে এই নতুন কিটৰ গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত হোৱা ডেম' প্ৰদৰ্শনতো উপস্থিত থাকে।
Next Story