এদিনতে গুৱাহাটীত ৪২৩সহ অসমত মুঠ ৬৯৬ ক'ৰ'না আক্ৰান্ত চিনাক্ত

৮,৭২৬জন আৰোগ্য হোৱাত হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।
এদিনতে গুৱাহাটীত ৪২৩সহ অসমত মুঠ ৬৯৬ ক'ৰ'না আক্ৰান্ত চিনাক্ত
Published on

মাথোঁ এদিনতে বুধবাৰে অসমত চিনাক্ত হ'ল ৬৯৬ ক'ৰ'না মহামাৰীত আক্ৰান্ত। এইসকল ক'ৰ'না আক্ৰান্তৰ ৪২৩জন গুৱাহাটীৰ। এনেদৰে এটা দিনতে ৬৯৬জন ক'ৰ'না আক্ৰান্ত চিনাক্ত হোৱাত ৰাজ্যত সম্প্ৰতি মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৪,০৩২জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ৫,২৮১জনৰ শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ আছে।৮,৭২৬জন আৰোগ্য হোৱাত হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। এই কথা টুইটাৰত সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে, বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি পুনৰীক্ষণ কৰে। মুখ্যমন্ত্ৰীৰ এই পুনৰীক্ষণ বৈঠকত ৰাজ্যৰ বহুসংখ্যক মন্ত্ৰী আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াবৰ্গই অংশগ্ৰহণ কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাইজক অতি সংক্ৰামক ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ নীতি আখৰে আখৰে মানি চলিবলৈ আহ্বান জনায়। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com