Begin typing your search above and press return to search.

ক'ৰ'নাঃ পুনৰ পৰিস্থিতিৰ দ্ৰুত অৱনতি ত্ৰিপুৰাত

মাথোঁ ১২ ঘণ্টাৰ ভিতৰতে ৰাজ্যখনত চিনাক্ত হৈছে কমেও ১২ জন ক’ৱিড-১৯ আক্ৰান্ত।

কৰনাঃ পুনৰ পৰিস্থিতিৰ দ্ৰুত অৱনতি ত্ৰিপুৰাত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 May 2020 2:15 PM GMT

কিছুদিন পূৰ্বে ক'ৰ'নামুক্ত ৰাজ্যৰূপে ঘোষিত ত্ৰিপুৰাৰ পৰিস্থিতিৰ পুনৰ দ্ৰুত অৱনতি ঘটিছে। মাথোঁ ১২ ঘণ্টাৰ ভিতৰতে ৰাজ্যখনত চিনাক্ত হৈছে কমেও ১২ জন ক'ৱিড-১৯ আক্ৰান্ত। এই আটাইকেইজন সীমান্ত সুৰক্ষা বাহিনী(বি এছ এফ)ৰ জোৱান। দেওবাৰে তেওঁলোক ক'ৰ'না আক্ৰান্তৰূপে নিশ্চিত কৰা হয়। এই বি এছ এফ জোৱানসকল ত্ৰিপুৰাৰ আম্ব্ৰাছাত নিয়োজিত হৈ আছে। তেওঁলোকৰ শৰীৰত মাৰাত্মক ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ বিষয়ে দেওবাৰে নিশা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে টুইটাৰযোগে সদৰী কৰে। অৱশ্যে ইয়াক লৈ আতংকিত নহবলৈ তেওঁ ৰাজ্যবাসীৰ প্ৰতি আহ্বান জনায়।মুখ্যমন্ত্ৰী দেবে সকলোকে সতৰ্ক. সাৱধান আৰু ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ আহ্বান জনাইছে।ইতিমধ্যে এই ১২জোৱানক হাস্পতালত ভৰ্তি কৰা হৈছে। উল্লেখ্য যে ত্ৰিপুৰাৰ প্ৰথমগৰাকী ক'ৰ'না আক্ৰান্ত এগৰাকী মহিলা আছিল। তেওঁৰ পাছতে এজন লোকৰ শৰীৰত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইতিমধ্যে দুয়ো সুস্থ হৈছে আৰু দুয়োকে হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। তাৰ পাছতে ৰাজ্যখন ক'ৰ'নামুক্ত ৰাজ্যৰূপে চিহ্নিত হয়। কিন্তু এই বি এছ এফ জোৱানসকল ক'ৰ'নাত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ পৰিস্থিতিৰ অৱনতি ঘটিছে।আনহাতে, এক চৰকাৰী তথ্য অনুসৰি ক'ৰ'না মহামাৰীত আক্ৰান্ত বাংলাদেশৰ দুগৰাকী মহিলাই যোৱা মাৰ্চত ত্ৰিপুৰা ভ্ৰমণ কৰিছিল। এই ভ্ৰমণকালত দুয়োৰে প্ৰত্যক্ষ সংস্পৰ্শলৈ ৰাজ্যখনৰ দুঠাইৰ ১১ জন ব্যক্তি আহিছিল। ত্ৰিপুৰালৈ বাংলাদেশৰ মানুহৰ সঘন আহ-যাহ আছিল। ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাবৰ পাছত ত্ৰিপুৰা সীমান্ত ছীল কৰা হয়। কাৰণ বাংলাদেশত ক'ৰ'না মহামাৰীত বহু লোক আক্ৰান্ত হৈছে।

Next Story