ৰাষ্ট্ৰীয় উদ্যান হ'ব দিহিং-পাটকাইঃ মুখ্যমন্ত্ৰীৰ ঘোষণা

মুখ্যমন্ত্ৰী সোণোৱালে ইতিমধ্যে বন বিভাগৰ উচ্চপদস্থ বিষয়াক যাৱতীয় পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ দিছে।
ৰাষ্ট্ৰীয় উদ্যান হ'ব দিহিং-পাটকাইঃ মুখ্যমন্ত্ৰীৰ ঘোষণা

দিহিং-পাটকাই অভয়াৰণ্য হ'ব ৰাষ্ট্ৰীয় উদ্যান। ৰাজ্য চৰকাৰে হস্তী অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণাৰ উদ্যেগ লৈছে ৰাজ্য চৰকাৰে।আজি এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দিহিং-পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালে ইতিমধ্যে বন বিভাগৰ উচ্চপদস্থ বিষয়াক যাৱতীয় পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ দিছে। সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এখন বৈঠকত এই কথা সদৰী কৰে সোণোৱালে। উল্লেখ্য যে দিহিং-পাটকাইত কয়লা খনন কৰাৰ বিষয়ক লৈ সমগ্ৰ দেশত প্ৰতিবাদৰ জোৱাৰ উঠিছিল ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com