চীনক গোপন তথ্য যোগানঃ সাংবাদিকসহ তিনিজন গ্ৰেপ্তাৰ

ঘটনা সংক্ৰান্তত দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰৰ গোপনীয়তা আইনৰ অধীনত গোচৰ ৰুজু কৰিছে ৷
চীনক গোপন তথ্য যোগানঃ সাংবাদিকসহ তিনিজন গ্ৰেপ্তাৰ
Published on

চীনক দেশৰ প্ৰতিৰক্ষা বাহিনীৰ সৈতে সম্পৰ্কিত গোপন তথ্য যোগানৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন সাংবাদিকসহ তিনিজন লোক ৷ দিল্লী আৰক্ষীয়ে যোৱা ১৪ছেপ্টেম্বৰত লোক তিনিজনক গ্ৰেপ্তাৰ কৰে ৷ ধৃত সাংবাদিকজন এজন মুক্ত সাংবাদিক আৰু তেওঁৰ নাম ৰাজীৱ শৰ্মা ৷ আন দুজন হ'ল এগৰাকী চীনা মহিলা আৰু মহিলাগৰাকীৰ সহযোগী নেপালৰ এজন লোক ৷ চীনা মহিলাগৰাকীৰ নাম কিন শ্বি আৰু তেওঁৰ নেপালী সহযোগীজনৰ নাম শ্বেৰ সিং৷ আৰক্ষীয়ে ধৃত শৰ্মাৰ লেপটপ জব্দ কৰিছে ৷

তিনিজনীয়া চক্ৰটোৰ পৰা আৰক্ষীয়ে দেশৰ প্ৰতিৰক্ষা বাহিনীৰ সৈতে সম্পৰ্কিত কেতবোৰ নথি-পত্ৰ জব্দ কৰিছে ৷ ঘটনা সংক্ৰান্তত দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰৰ গোপনীয়তা আইনৰ অধীনত গোচৰ ৰুজু কৰিছে ৷ এই কথা সদৰী কৰি দিল্লী আৰক্ষীৰ বিশেষ কোষৰ উপ-আয়ুক্ত সঞ্জীৱ কুমাৰে কয় যে ঘটনাৰ অধিক তদন্ত অব্যাহত আছে ৷ বৃহৎ পৰিমাণৰ লেনদেনৰ বিনিময়ত চক্ৰটোৱে চীনৰ চোৰাংচোৱাক দেশৰ গোপন তথ্য চীনক যোগান ধৰা বুলি সন্দেহ কৰা হৈছে ৷ যোৱা১৪ছেপ্টেম্বৰত চক্ৰটোক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত আদালতে তিনিওকে ছদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ৷ 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com