গুৱাহাটীত ক'ৰ'নাত আক্ৰান্ত হ'ল দন্ত চিকিৎসাৰ ছাত্ৰী, আতংক বৃদ্ধি

চৰকাৰে দন্ত মহাবিদ্যালয়খনৰ ছাত্ৰীবাসক কণ্টেইনমেণ্ট জ’নৰুপে ঘোষণা কৰে ৷ ছাত্ৰীবাসটোত দুশগৰাকী ছাত্ৰী থাকে।
গুৱাহাটীত ক'ৰ'নাত আক্ৰান্ত হ'ল দন্ত চিকিৎসাৰ ছাত্ৰী, আতংক বৃদ্ধি
Published on

 গুৱাহাটীত ক'ৰ'নাত আক্ৰান্ত হ'ল দন্ত চিকিৎসাৰ ছাত্ৰী, আতংক বৃদ্ধি

গুৱাহাটী মহানগৰী তথা ৰাজ্যত অধিক অৱনতি ঘটিছে ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি ৷ শেহতীয়া খবৰ অনুসৰি মহানগৰীত এগৰাকী দন্ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ শৰীৰত মাৰাত্মক ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ ছাত্ৰীগৰাকী আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত ৷ ছাত্ৰীগৰাকী ক'ৰ'না মহামাৰীৰ দ্বাৰা আক্ৰান্ত হোৱাটো নিশ্চিত কৰাৰ পাছতে চৰকাৰে দন্ত চিকিৎসা মহাবিদ্যালয়খনৰ ছাত্ৰীবাস কণ্টেইনমেণ্ট জ'নৰুপে ঘোষণা কৰে ৷ ছাত্ৰীবাসটোত দুশগৰাকী ছাত্ৰী থাকে। আনহাতে, ৰাজ্যত ক'ৰ'না মহামাৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা ৫৮জনলৈ বৃদ্ধি পাইছে ।গুৱাহাটীতে পুৰুষ-মহিলাসহ পাঁচজন লোকৰ শৰীৰত ধৰা পৰিছে মাৰাত্মক ক'ৰ'না ভাইৰাছৰ উপস্থিতি ৷ এনে পৰিস্থিতিত চৌদিশে আতংকৰ সৃষ্টি হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com