Begin typing your search above and press return to search.

বহিঃভ্ৰমণ নকৰাকৈয়ে ক'ৰ'নাত আক্ৰান্ত হ'ল গুৱাহাটীৰ দন্ত চিকিৎসক

ৰাজ্যৰ বাহিৰলৈ নোযোৱা এজন দন্ত চিকিৎসকৰ শৰীৰত ধৰা পৰিছে এই অতি সংক্ৰামক ভাইৰাছ ৷

বহিঃভ্ৰমণ নকৰাকৈয়ে কৰনাত আক্ৰান্ত হল গুৱাহাটীৰ দন্ত চিকিৎসক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jun 2020 9:28 AM GMT

গুৱাহাটীত ক'ৰ'না ভাইৰাছৰ জন-সমষ্টিগত সংক্ৰমণৰ আশংকা প্ৰকট হোৱাৰ সময়তে ৰাজ্যৰ বাহিৰলৈ নোযোৱা এজন দন্ত চিকিৎসকৰ শৰীৰত ধৰা পৰিছে এই অতি সংক্ৰামক ভাইৰাছ ৷ প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটীৰ কামাখ্যা এই দন্ত চিকিৎসকজনৰ লাচিত নগৰত এখন ক্লিনিক আছে। তেওঁৰ পিতৃ শৰীৰত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ লক্ষণ ফুটি উঠাত তেওঁ নমুনা পৰীক্ষা কৰোৱায় ৷ এই পৰীক্ষাত তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷ অৱশ্যে তেওঁৰ পিতৃৰ নমুনা পৰীক্ষাৰ ফলাফল নিগেটিভ হয় ৷ ইপিনে, দন্ত চিকিৎসকজন ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে। উল্লেখ্য যে ভ্ৰমণ ইতিহাস নথকা ২০জনৰো অধিক গুৱাহাটীৰ বাসিন্দা ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে ৷ ইয়ে গুৱাহাটীত এই ভাইৰাছৰ সামজিক সংক্ৰমণৰ আশংকা প্ৰকট কৰে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে গুৱাহাটীত ৫০হেজাৰ নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰিছে ।এই উদ্দেশ্যে স্বাস্থ্য বিভাগে ১২টা কেন্দ্ৰ মুকলি কৰিছে ৷

আৰু পঢ়িব পাৰেঃ বৰপেটাৰোডত ৰাজপথৰ দাঁতিত প্ৰাক্তন ৰেল কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

Next Story
চাকৰি