অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী দেবেগৌড়া

অসমীয়া ৰাইজৰ পৰা অফুৰন্ত মৰম পাইছিল বুলিও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে
অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী দেবেগৌড়া
Published on

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেবেগৌড়াই। এই মূহুৰ্তত অসমৰ বানাক্ৰান্ত ৰাইজক কেন্দ্ৰৰ সহায়ৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ বানাক্ৰান্ত লোকক সাহায্য আগবঢ়াবলৈ দেবগৌড়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় য়ে ক'ৰ'না মহামাৰীৰ অন্তত তেওঁ অসম ভ্ৰমণলৈ আহিব। অসমীয়া ৰাইজৰ পৰা অফুৰন্ত মৰম পাইছিল বুলিও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে।

উল্লেখ্য যে দেশৰ একাদশ প্ৰধানমন্ত্ৰী আছিল দেবেগৌড়া। তেওঁ ১৯৯৬ৰ ১ জুনৰ পৰা ১৯৯৭ৰ ২১এপ্ৰিললৈ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com