Begin typing your search above and press return to search.

কলাত দশম স্থানেৰে উজলিল ধুবুৰীৰ দুৰ্গম স্থানৰ কন্যা কৃষ্ণা বালা

তেওঁৰ পিতৃয়ে কলকাতাত শিপিনীৰ কাম কৰে। এনেদৰে তেওঁ পৰিয়াল ভৰণ-পোষণ দি আহিছে।

কলাত দশম স্থানেৰে উজলিল ধুবুৰীৰ দুৰ্গম স্থানৰ কন্যা কৃষ্ণা বালা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-06-25T13:39:04+05:30

কলাত দশম স্থানেৰে উজলিল ধুবুৰীৰ দুৰ্গম স্থানৰ কন্যা কৃষ্ণা বালা

অতি দুৰ্গম স্থানৰ এগৰাকী ছাত্ৰীয়ে আজি ঘোষিত উচ্চতৰ মাধ্যমিক কলা শাখাত ৰাজ্যৰ ভিতৰত স্থান দখলেৰে ধুবুৰী জিলালৈ গৌৰৱ কঢ়িয়াই নিলে। তদুপৰি ছাত্ৰীগৰাকী অপ্ৰাদেশীকৃত বিদ্যালয়ত অধ্যয়ণ কৰা৷ জিলাখনৰ বটেৰহাটৰ অতি দুৰ্গম অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ জীয়াৰী কৃষ্ণা বালা দাসে কলা শাখাত ৰাজ্যৰ ভিতৰত দশম স্থান অধিকাৰ কৰিছে৷

মেধাৱী ছাত্ৰীগৰাকীয়ে সৰ্বমুঠ ৪৬৬ নম্বৰ লাভ কৰিছে। কৃষ্ণা হৈছে কৈমাৰীৰ পঞ্চম খণ্ডৰ বাসিন্দা পবিত্ৰ দাসৰ জীয়াৰী ৷ তেওঁৰ পিতৃয়ে কলকাতাত শিপিনীৰ কাম কৰে। এনেদৰে তেওঁ পৰিয়াল ভৰণ-পোষণ দি আহিছে। অপ্ৰাদেশীকৃত বটেৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী৷ কৃষ্ণাই বুৰঞ্জীত মেজৰ বিষয়ৰূপে লৈ স্নাতক মহলাত সদ্যহতে নামভৰ্তি কৰিব। তেওঁ ভৱিষ্যতৰ সপোন হৈছে প্ৰত্নত্বাত্বিক বিযয়ত স্নাতোকোত্তৰ ডিগ্ৰী অৰ্জন কৰা। তদুপৰি কৃষ্ণাই প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে।

Next Story