অসমত পৰ্যায়ক্ৰমে স্কুল-কলেজ-শ্বপিংমল পুনৰ মুকলিৰ আঁচনি ৰাজ্য চৰকাৰৰ

চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ পাছত পৰ্যায়ক্ৰমে ৰাজ্য চৰকাৰে স্কুল-কলেজ আৰু শ্বপিংমলসমূহ পুনৰ মুকলিৰ পৰিকল্পনা কৰিছে।
অসমত পৰ্যায়ক্ৰমে স্কুল-কলেজ-শ্বপিংমল পুনৰ মুকলিৰ আঁচনি ৰাজ্য চৰকাৰৰ
Published on: 

অসমত পৰ্যায়ক্ৰমে স্কুল-কলেজ-শ্বপিংমল পুনৰ মুকলিৰ আঁচনি ৰাজ্য চৰকাৰৰ

ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাব ঘটিছে। কালিলৈকে সহস্ৰাধিক লোক এই মহামাৰীত আক্ৰান্ত হৈছে। ফলত স্কুল-কলেজ আৰু কেতবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান চৰকাৰে বন্ধ ৰাখিছে। অৱশ্যে ৰাজ্য চৰকাৰে পৰ্যায়ক্ৰমে স্কুল-কলেজ পুনৰ মুকলিৰ আঁচনি লৈছে। ইয়াৰ এক ইংগিত দি কালি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সম্প্ৰতি চলি থকা তথা অহা ৩১ মে'ত অন্ত পৰিবলগীয়া চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ পাছত পৰ্যায়ক্ৰমে ৰাজ্য চৰকাৰে স্কুল-কলেজ আৰু শ্বপিংমলসমূহ পুনৰ মুকলিৰ পৰিকল্পনা কৰিছে। কালি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উত্তৰ-পূবৰ প্ৰথমখন ক'ৰ'না হাস্পতাল মুকলি কৰি শিক্ষা মন্ত্ৰী শৰ্মাই লগতে কয়, " আমি দেখিবলৈ পাইছো যে ৰাইজে সামাজিক দূৰত্ব বৰ্তাই ৰখা বিধি মানি চলিবলৈ লৈছে। গতিকে চৰকাৰে লাহে লাহে পৰিস্থিতি স্বাভাৱিক কৰাৰ গুণা-গঁথা কৰিছে। আমি প্ৰথমে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান পুনৰ মুকলিৰ চিন্তা-চৰ্চা কৰিছো। একেদৰে আমি প্ৰথমে ৫০ শতাংশ শ্বপিংমল মুকলিৰ কথা চিন্তা কৰিছো। আমি জীৱনযাত্ৰা দীৰ্ঘদিন ধৰি একেবাৰে বন্ধ ৰাখিব নোৱাৰো"।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com