২৫মে'ৰ পৰা দেশৰ ভিতৰত পুনৰ আৰম্ভ হ'ব বিমানৰ চলাচল, কেন্দ্ৰৰ ঘোষণা

এই ক্ষেত্ৰত যাত্ৰীৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং অপাৰেটিং প্ৰচিডিউৰসমূহ শীঘ্ৰে ঘোষণা কৰা হ’ব
২৫মে'ৰ পৰা দেশৰ ভিতৰত পুনৰ আৰম্ভ হ'ব বিমানৰ চলাচল, কেন্দ্ৰৰ ঘোষণা
Published on

২৫মে'ৰ পৰা দেশৰ ভিতৰত পুনৰ আৰম্ভ হ'ব বিমানৰ চলাচল, কেন্দ্ৰৰ ঘোষণা

তলাবন্ধৰ মাজতে অহা ২৫মে'ৰ পৰা দেশৰ ভিতৰত পুনৰ আৰম্ভ হ'ব অসামৰিক বিমানৰ চলাচল ৷ অৱশ্যে নিৰ্দিষ্ট নীতি-নিয়মৰ মাজত উক্ত দিনাৰ পৰা দেশৰ ভিতৰত বিমানৰ চলাচল আৰম্ভ হ'ব।বুধবাৰে এই কথা ঘোষণা কৰে অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ৷ টুইটাৰত মন্ত্ৰী পুৰীয়ে কয়, " ২৫মে'ৰ পৰা দেশৰ ভিতৰতে বিমানৰ চলাচল পুনৰ আৰম্ভ কৰা হ'ব ৷ এই ক্ষেত্ৰত যাত্ৰীৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং অপাৰেটিং প্ৰচিডিউৰসমূহ শীঘ্ৰে ঘোষণা কৰা হ'ব ৷" ইয়াৰ পূৰ্বৰ এটা টুইটত অসামৰিক বিমান পৰিবহন মন্ত্ৰী পুৰীয়ে উল্লেখ কৰিছিল যে দেশৰ ভিতৰত পুনৰ বিমান চলাচলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহে বিশেষ ভূমিকা পালন কৰিব ৷ উল্লেখ্য যে ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰ তলাবন্ধ ঘোঘণা কৰাৰ পাছৰে পৰা অৰ্থাৎ যোৱা ২৫মাৰ্চৰ পৰা দেশত অসামৰিক বিমান চলাচল বন্ধ ৰখা হৈছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com