Begin typing your search above and press return to search.

কাশ্মীৰৰ পুলৱামাত সংঘৰ্ষত নিহত ম'ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী

পুলৱামা জিলাত সেনা-আৰক্ষীৰে হোৱা এক সংঘৰ্ষত নিহত হয় এজন0 ম'ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী।

কাশ্মীৰৰ পুলৱামাত সংঘৰ্ষত নিহত মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 May 2020 6:03 AM GMT

ক"ৰ'না মহামাৰীৰ ভয়াবহতাৰ মাজতে কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্যাহত আছে। ইয়াৰ মাজতে সন্ত্ৰাসবাদীবিৰোধী অভিযানত এক বৃহত্ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে নিৰাপত্তা বাহিনীয়ে। বুধবাৰে উপত্যকাটোৰ পুলৱামা জিলাত সেনা-আৰক্ষীৰে হোৱা এক সংঘৰ্ষত নিহত হয় এজন0 ম'ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী। দীৰ্ঘদিন ধৰি নিৰাপত্তা বাহিনীৰ চকুত ধূলি দি থকা এই সন্ত্ৰাসবাদীজনৰ নাম ৰিয়াজ নাইকুৰ।

এক সূত্ৰই জনোৱা মতে, যোৱা ৮ বছৰ ধৰি দুৰ্ধৰ্ষ ৰিয়াজৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল নিৰাপত্তাৰক্ষীয়ে। ৰিয়াজৰ সন্ধান দিওঁতালৈ ১২ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল প্ৰশাসনে। অৱশেষত কালি ধৰা পৰে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নাইকু।

নাইকুৰ মৃত্যুৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ সমগ্ৰ জম্মু-কাশ্মীৰৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে প্ৰশাসনে। তদুপৰি আইন-শৃংখলাজনিত আন একাধিক বাধা-নিষেধো আৰোপ কৰা হৈছে কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰত।

উল্লেখ্য যে কিছুদিন পূৰ্বে ক'ৰ'নাৰ বিভীষিকাৰ মাজতে দেশ-মাতৃক ৰক্ষা কৰিবলৈ গৈ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ প্ৰাণ আহুতি দিয়ে চাৰি সেনা বিষয়া-জোৱানসহ পাঁচজন নিৰাপত্তা বাহিনীৰ লোকে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ হন্দৱাৰাত শনিবাৰে সন্ত্ৰাসবাদীৰ এটা দলৰ সৈতে নিৰাপত্তাবাহিনীৰ এক তয়াময়া সংঘৰ্ষৰ সূত্ৰপাত ঘটে। কেইবাঘণ্টা ধৰি চলা এই সংঘৰ্ষত চাৰিজন সেনা বিষয়া-জোৱান আৰু এজন আৰক্ষীয়ে প্ৰাণ হেৰুৱায়। সংঘৰ্যটোত নিহত সেনা বিষয়া-জোৱানকেইজনৰ মাজত এজন কৰ্ণেল আৰু এজন মেজৰো আছিল। ঘটনাটোৱে দেশজুৰি শোকৰ ছাঁ পেলাইছে।

আৰু পঢ়িব পাৰেঃ ত্ৰিপুৰাৰ দৰে অসমতো বৃদ্ধি ক'ৰ'না আক্ৰান্তৰ সংখ্যা


Next Story