Begin typing your search above and press return to search.

যাত্ৰীৰ সন্মুখতে হস্তমৈঠুন কৰিলে বেংগালুৰুৰ অলা চালকে

এগৰাকী উবেৰ চালকে ইচ্ছাকৃত ভাৱে মহিলা যাত্ৰীৰ সন্মুখতে লিপ্ত হয় হস্তমৈঠুনত

যাত্ৰীৰ সন্মুখতে হস্তমৈঠুন কৰিলে বেংগালুৰুৰ অলা চালকে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Dec 2021 10:54 AM GMT

শেহতীয়া ভাৱে ভাৰতৰ জনপ্ৰিয় কেব চাৰ্ভিচ অলা মহিলা যাত্ৰী সকলক বিভিন্ন বিপদৰ সন্মুখীন কৰোৱাৰ বাবে অতিকৈ চৰ্চিত হ'ব লগীয়া হৈছে। নতুনকৈ পোহৰলৈ অহা এনে এক ঘটনা খুবেই অকল্পনীয় আৰু লজ্জাজনক। কালি, শুকুৰবাৰে বেংগালুৰুৰ চহৰত সংঘটিত হয় এই কাণ্ড। য'ত এগৰাকী উবেৰ চালকে ইচ্ছাকৃত ভাৱে মহিলা যাত্ৰীৰ সন্মুখতে লিপ্ত হয় হস্তমৈঠুনত।

এই ঘটনা পোহৰলৈ আহে, যেতিয়া বিত্তি ভাৱে সাংবাদিক এই মহিলা যাত্ৰীগৰাকীয়ে চচিয়েল মিডিয়া যোগে এই ঘটনাৰ বৰ্ণন কৰে ।

"এই চহৰ খন যাক মই নিজৰ ঘৰ ৰূপে চিনাকি দিও, তাত আজি মই অতিকৈ অসুৰক্ষিত অনুভৱ কৰিছোঁ। স্বাভাৱিক সময়তে মই এখন অলা কেব বুক কৰিছিলোঁ, দিনটোৰ কাম শেষ কৰি এগৰাকী চালকৰ সৈতে যিয়ে বম্ভাবিছিল যে মোৰ সন্মুখত হস্তমৈঠুন কৰাটো কোনোধৰণৰ লাজৰ কথা হ'ব নোৱাৰে।", টুইটাৰ যোগে লিখে সাংবাদিক গৰাকীয়ে।

ইয়াৰ লগতে তেওঁ লিখে যে, তেওঁ যিকোনো ধৰণে অলপ সাহস গোটাই চালক গৰাকীক চিঞৰে আৰু গাড়ী ৰখোৱাৰ বাবে হুকুম দিয়ে। "এই কথা যেতিয়া মই মন কৰিলোঁ, তেওঁ লৰালৰিকৈ নিজৰ চুৰিয়া খন এনেভাৱত সামৰি থলে যে একোৱেই হোৱা নাই। অলপ মান সাহস গোটাই মই তেওঁক চিঞৰিলো গাড়ী ৰখাবৰ বাবে। দূৰ্ভাগ্যজনক ভাৱে মই এটা আন্ধাৰ পথত মাজত আছিল, য'ত নিচেই কম পোহৰ আছিল। তেওঁ মোক তাত নমাই, তাৰ পৰা আঁতৰি গ'ল।"

ইয়াৰ লগতে তেওঁ কয় যে, তেওঁ আপাতকালীন সেৱাক ফোন কৰিব পৰা নাছিল কিয়নো, তেওঁৰ লগত ঘটি যোৱা ঘটনাটোৱে তেওঁক হতভম্ব কৰি ৰাখিছিল, তেনে স্থলত কি কৰা উচিত তেওঁ ভাবিব পৰা নাছিল। "মোৰ বিশ্বাস যে, মই কোনো অকল্পনীয় ঘটনাৰ সন্মুখীন হ'লো যাক নিয়ন্ত্ৰণ কৰা ক্ষমতা মোৰ নাথাকিল হয়।" তেওঁ কয়, "অৱশেষত মই অন্য এগৰাকী চালক বিচাৰি পালোঁ যিয়ে মোক ঘৰলৈকে থৈ যায়। যিয়ে মোৰ পৰা ভাৰাতকৈ বেছি টকা মোৰ পৰা লৈ যায়, কিন্তু সেই সময়ত পইচা মোৰ প্ৰধান চিন্তা নাছিল।"

ইয়াৰ লগতে তেওঁ উল্লেখ কৰিছে যে, অলা কৰ্তৃপক্ষই তেঁওক বিশ্বাস দিছে যে তেওঁৰ লগত এই ঘৃণনীয় কাণ্ড কৰা চালক গৰাকীক অনতিপলমে নিলম্বিত কৰা হ'ব। কিন্তু এই কথা কৈ তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে যে মহিলা সকলে কতো সুৰক্ষিত অনুভৱ কৰিব নোৱাৰে। এনে ধৰণৰ ঘটনা সমূহে সমস্ত জীৱনৰ বাবে এক আশংকা এৰি যায়। "আজিৰ নিশা মোৰ নিজৰ চহৰ খনে মোক হৰুৱাই পেলালে। ৰাজহুৱা যৌন উৎপীৰণ কাণ্ডৰ দ্বাৰা মোক ভয় খুৱালে। আমী বাস কৰা এই পৃথিৱীত অন্য এটি দাগ।", তেওঁ লিখে।


আৰু পঢ়ক : শ্বিলং ভ্ৰমণৰ কথা ভাবিছে নেকি? মেঘালয় চৰকাৰৰ সংশোধিত নিৰ্দেশনা জাৰি


Next Story
চাকৰি