অসমত ছেপ্টেম্বৰত শিক্ষানুষ্ঠান পুনৰ মুকলিৰ সম্ভাৱনা !

অসমত ছেপ্টেম্বৰত শিক্ষানুষ্ঠান পুনৰ মুকলিৰ সম্ভাৱনা !

শিক্ষামন্ত্ৰী শৰ্মাই কয় যে ছেপ্টেম্বৰত ক’ৰ’নাৰ সংক্ৰমণ হ্ৰাসৰ সম্ভাৱনা আছে।
Published on

ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে ঘোষণা কৰা তলাবন্ধৰ পৰিপ্ৰেক্ষিতত অসমত দীৰ্ঘদিন ধৰি শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখা হৈছে। বিগত প্ৰায় ৫ মাহ বন্ধ থকা শিক্ষানুষ্ঠানসমূহ অহা ছেপ্টেম্বৰত পুনৰ মুকলিৰ সম্ভৱনা আছে। সোমবাৰে ইয়াৰ ইংগিত দিয়ে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিক্ষামন্ত্ৰী শৰ্মাই কয় যে ছেপ্টেম্বৰত ক'ৰ'নাৰ সংক্ৰমণ হ্ৰাসৰ সম্ভাৱনা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠানসমূহ ছেপ্টেম্বৰত মুকলিৰ সম্ভাৱনা আছে।

উল্লেখ্য যে ৰাজ্যত যোৱা মাৰ্চৰ পৰা স্কুল-কলেজ আদি বন্ধ ৰখা হৈছে। যোৱা ২৫ মাৰ্চৰ পৰা দেশত সম্পূৰ্ণ তলাবন্ধ আৰোপিত হয়। অৱশ্যে তলাবন্ধৰ সময়ছোৱাত অনলাইন পাঠদান অব্যাহত আছে।ইপিনে, অহা ৩১ জুলাইত দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ অন্ত পৰিব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com