বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড, বয়স্ক দম্পতীক হত্যা, ডকাইতিৰ সন্দেহ

ঘাতকে ডকাইতিৰ পৰিকল্পনাৰে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।
বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড, বয়স্ক দম্পতীক হত্যা, ডকাইতিৰ সন্দেহ

মঙ্গলবাৰে নিশা গুৱাহাটীৰ বেলতলাত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। ঘাতকে ডকাইতিৰ পৰিকল্পনাৰে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ  কৰা হৈছে।

চন্দন নগৰৰ এই দুই মৃতক আছিল এক বৃদ্ধ দম্পতী। স্বামী ননিগোপাল বৰুৱা (৮৬) আৰু তেওঁৰ পত্নী মীনা বৰুৱা (৭৬)।

তথ্য অনুসৰি ডকাইত  এখন ভঙা খিৰিকীৰে ঘৰটোত প্ৰৱেশ কৰে আৰু নিজৰ লগত চুৰি কৰি নিয়ে ঘৰৰ বহু সা - সামগ্ৰী।

দুই মৃতকৰ শৰীৰ তলমুৱাকৈ পৰি থকা অৱস্থাত তেওঁলোকৰ শোৱা বিছনাৰ পৰা উদ্ধাৰ কৰা হয়। জানিব পৰা মতে, ঘাতকে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি নিৰ্মাণভাবে  দুয়োকে হত্যা কৰে।

নিজৰ বাসগৃহত বৃদ্ধ দম্পত্তী অকলে বসবাস কৰিছিল। তেওঁলোকৰ দুই কন্যা ক্ৰমে লণ্ডন আৰু মুম্বাইৰ নিবাসী।

উল্লেখ্যে  কিছুদিন পূৰ্বে বৰাগাঁৱত সংঘটিত হোৱা এগৰাকী মহিলাৰ হত্যাকাণ্ডৰ ৰহস্য সম্প্ৰতি আৰক্ষীয়ে সমাধান কৰিবলৈ সক্ষম হৈছে। মৃত মহিলাৰ হত্যাকাণ্ডৰ আঁৰত তেওঁৰে ঘৰত ভাৰাতীয়া হিচাপে থকা দেৱযানী দাস নামৰ এগৰাকী মহিলা জৰিত হৈ আছে। মৃতক অন্তিমা গুপ্তাৰ হত্যাকাণ্ডৰ কথা আৰক্ষীৰ আগত প্ৰকাশ কৰিছে দেৱযানীয়ে।  দেৱযানীয়ে মৃত অন্তিমাৰ শৰীৰ ক্ষত - বিক্ষত ভাৱে কাটি এটি প্লাষ্টিকৰ বেগত ভৰাই ৰাখে, আৰু সেই বেগ আৰক্ষীয়ে তেওঁৰ শোৱনি কোঠাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com