ফেনি ঘূৰ্ণি বতাহৰ ফলত উৰিষ্যাৰ বহু অঞ্চলত বৰ্তমানেও বিদুৎ সেৱা ব্যাহত

ফেনি ঘূৰ্ণি বতাহৰ ফলত উৰিষ্যাৰ বহু অঞ্চলত বৰ্তমানেও বিদুৎ সেৱা ব্যাহত
Published on

ফেনি ঘূৰ্ণি বতাহৰ ফলত উৰিষ্যাৰ বহুতো অঞ্চলত বৰ্তমানেও বিদুৎ সেৱা ব্যাহত হৈ আছে । ফেনি ঘূৰ্ণি বতাহৰ ৮ দিনৰ পাছতো ৰাজ্যখনৰ বহু অঞ্চল বৰ্তমানেও অন্ধকাৰৰ কবলত ।

উৰিষ্যা চৰকাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক জনাইছে যে পুৰী আৰু খুৰধা অঞ্চলৰ বহুতো ক্ষতিগ্ৰস্থ লোকে সাহাৰ্য্য লাভ কৰা নাই ।

ফেনি ঘূৰ্ণি বতাহে ৰাজ্য খনক ৩ মেত খুন্দিয়াই গৈছিল । ৰাজ্য খনৰ বহু অঞ্চলত বিদুৎ সেৱা ব্যাহত হৈ থকাৰ বাবে গৰমত লোক সকলে যথেষ্ট অসুবিধা সন্মুখীন হব লগা হৈছে। সেয়েহে শীঘ্ৰে বিদুৎ যোগান ধৰিবলৈ দাবী জনাইছে লোক সকলে। আৰক্ষীয়ে জনোৱা মতে ৰাজ্য খনৰ গেৰাজ চকত লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰি পথ অৱৰোধ কৰাৰ লগতে শীঘ্ৰে বিদুৎ যোগান ধৰিবলৈ দাবী জনাইছে ।

প্ৰতিবাদকাৰী সকলে বিদুৎ বিভাগৰ কৰ্মচাৰী এজনক আক্ৰমণৰ চেষ্টা কৰে। বিদুৎ বিভাগৰ এজন কৰ্মচাৰী এন কে চাহুয়ে প্ৰকাশ কৰে প্ৰতিবাদকাৰী সকলে ৰুদ্ৰ মূৰ্তি ধাৰন কৰি তেওঁলোকক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে আৰু আৰক্ষীয়ে তেওঁলোকক ব্যবস্থা গ্ৰহণ কৰে । ঘটনাস্থলীত আৰক্ষী মোতায়েন কৰা হয় ।

তথ্য আৰু জন সংযোগ বিভাগৰ সভাপতি সঞ্জয় সিঙে প্ৰকাশ কৰে যে দেওবাৰৰ ভিতৰত ভূৱেনেশ্বৰত ১০০ শতাংশ বিদুৎ যোগানৰ ব্যবস্থা কৰা হব ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com