Begin typing your search above and press return to search.

কাইলৈ, সোমবাৰৰ পৰা বহুলাংশে শিথিল হ'ব লক-ডাউন, নৈশ সান্ধ্য আইনঃ স্বাস্থ্যমন্ত্ৰী শৰ্মা

কাইলৈ, সোমবাৰৰ পৰা বহুলাংশে শিথিল হব লক-ডাউন, নৈশ সান্ধ্য আইনঃ স্বাস্থ্যমন্ত্ৰী শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 May 2020 8:56 AM GMT

কাইলৈ, সোমবাৰৰ পৰা বহুলাংশে শিথিল হ'ব লক-ডাউন, নৈশ সান্ধ্য আইনঃ স্বাস্থ্যমন্ত্ৰী শৰ্মা

কাইলৈ সোমবাৰৰ পৰা ৰাজ্যৰ ক'ৰ'না মহামাৰী অ-প্ৰভাৱিত অঞ্চলসমূহত বহুলাংশে শিথিল হ'ব তলাবন্ধৰ নীতি-নিয়ম। তদুপৰি দেশৰ বিভিন্ন ৰাজ্যত তলাবন্ধৰ সময়ছোৱাত আবদ্ধ হৈ থকা উত্তৰ-পূবৰ যিসকল লোকে ঘৰলৈ আহিবলৈ বিচাৰে তেওঁলোকক কাইলৈৰ পৰা আহিবলৈ দিয়া হ'ব। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীজনে ঘোষণা কৰা অনুসৰি ৰাজ্যৰ ৩৩খন জিলাৰ ৩০ খনেই ক'ৰ'না মহামাৰী অ-প্ৰভাৱিত বা গ্ৰীণ জ'নৰ জিলা। আন তিনিখনৰ দুখন ক'ৰ'না মহামাৰীৰ দ্বাৰা কমকৈ প্ৰভাৱিত বা অৰেঞ্জ জ'ন জিলা আৰু আনখন ক'ৰ'না মহামাৰী প্ৰভাৱিত বা ৰেড জ'ন জিলা। সম্প্ৰতি ৰাজ্যত মুঠ ক'ৰ'না মহামাৰী আক্ৰান্তৰ সংখ্যা ৪২জন। ইয়াৰে ২৭ জন সুস্থ হৈছে আৰু তেওঁলোকক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। ৰাজ্যৰ অধিকাংশ জিলা ক'ৰ'না মহামাৰী অ-প্ৰভাৱিত হোৱাৰ পৰিপ্ৰেক্ষিতত তলাবন্ধৰ নীতি-নিয়ম শিথিলৰ বিষয়ে ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰা বুলি স্বাস্থ্য মন্ত্ৰী শৰ্মাই ইংগিত দিয়ে। উল্লেখ্য যে দেশত অহা ১৭ মে'লৈকে তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰা হৈছে। ইয়াৰ কাৰণ হৈছে মহাৰাষ্ট্ৰ-গুজৰাটকে ধৰি একাংশ ক'ৰ'না মহামাৰীয়ে জটিল ৰূপ ধাৰণ কৰাটো। ৰাজ্যত কাইলৈৰ পৰা তলাবন্ধৰ নীতি-নিয়ম কিছু শিথিলৰ ইংগিত দি মন্ত্ৰী শৰ্মাই কয়, " আমি অসম পৰিবহন নিগমৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ৰাজধানীসমূহলৈ কাইলৈৰ পৰা চলাচল কৰোৱাম। অৱশ্যে সন্ধিয়া ছয় বজাৰ পৰা পুৱা ছয় বজালৈ নৈশ সান্ধ্য আইন(কাৰ্ফিউ) বলবত কৰা হ'ব। উত্তৰ-পূবৰ লোকে দিনৰ সময়ছোৱাত অসমৰ পৰা যাতায়াত কৰিব পাৰিব। একেদৰে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যত থকা অসমৰ লোকো কাইলৈৰ পৰা দিনৰ সময়ছোৱাত অসমলৈ আহিব পাৰিব"। আনহাতে, উত্তৰ-পূবৰ বাহিৰত তথা দেশৰ আন ৰাজ্যত থকা অসমৰ লোকক গৃহাভিমুখী হোৱাৰ সুযোগ কাইলৈৰ পৰা প্ৰদান কৰা হ'ব বুলি সদৰী কৰি মন্ত্ৰী শৰ্মাই আৰু কয়, " আমি বাহিৰত অসমৰ গৃহাভিমুখী হোৱাৰ সুযোগ প্ৰদানৰ প্ৰয়োজন হৈছে। বাহিৰত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়েই হওক বা আন লোকেই হওক, যিসকলে গৃহাভিমুখী হব বিচাৰে তেওঁলোকে 74281-59966 নম্বৰত মিছডকল দিব লাগিব। বাহিৰৰ পৰা লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব। এই স্বাস্থ্য পৰীক্ষা কোকৰাঝাৰ, গুৱাহাটী (সৰুসজাই), তেজপুৰ, যোৰহাট আৰু শিলচৰত কৰা হ'ব। প্ৰয়োজন সাপেক্ষে বাহিৰৰ পৰা অহা লোকক কোৱাৰাণ্টাইন কৰা হ'ব।" ইপিনে, কালি মুম্বাইত থকা অসমৰ দুজন কৰ্কট ৰোগীৰ শৰীৰত ক'ৰ'নাৰ অৱস্থিতি । কিছুদিন পূৰ্বে দিল্লীত ২ জন‌ কৰ্কট ৰোগী আৰু এজন পৰিচাৰকৰ শৰীৰত মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পিছত এইবাৰ মুম্বাইত এনে এক ঘটনা পোহৰলৈ আহিছে। শনিবাৰে মুম্বাইত অসমৰে দুজন‌ কৰ্কট ৰোগীৰ শৰীৰত ধৰা পৰে ক'ৰ'নাৰ উপস্থিতি।

Next Story