Begin typing your search above and press return to search.

ৰাজ্যৰ সুৰা বিক্ৰেতাসকললৈ নিৰ্দেশনা আবকাৰী বিভাগৰ

liquor

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 May 2020 7:24 AM GMT

পুনৰ মদৰ দোকান মুকলিঃ ৰাজ্যৰ সুৰা বিক্ৰেতাসকললৈ নিৰ্দেশনা আবকাৰী বিভাগৰ

ৰাজ্যৰ আবকাৰী বিভাগে নতুন নিৰ্ধাৰিত মূল্য সম্বলিত(MRP) সুৰাৰ বটল বজাৰলৈ নহা লৈকে সুৰা বিক্ৰী নকৰিবলৈ সুৰা বিপণীসমূহলৈ নিৰ্দেশ জাৰি কৰিছে ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে সুৰাৰ দাম ২৫শতাংশ বৃদ্ধি কৰিছে ৷ গতিকে সুৰা নতুন দামত বিক্ৰী কৰাটো প্ৰয়োজন হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত শনিবাৰে অসমৰ সুৰাৰ খুচুৰা বিক্ৰেতাসকললৈ আবকাৰী নিৰ্দেশ জাৰি কৰে ।‌ ৰাজ্য কেবিনেটে শুকুৰবাৰে ১০০০ কোটি টকা অতিৰিক্ত ৰাজহ অৰ্জন কৰাৰ বাবে আই এম এফ এল সামগ্ৰীত ২৫% শুল্ক বৃদ্ধি কৰে ।

সুৰা বিক্ৰেতা সকললৈ জাৰি কৰা এই নিৰ্দেশনাত কেইটামান নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশকেইটা হ'লঃ

সুৰাৰ খুচুৰা বিক্ৰেতাসকলে সুৰা বেচা-কিনা কৰিব নোৱাৰিব , যেতিয়ালৈকে নতুন এম আৰ পি বিভাগৰ দ্বাৰা দিয়া নহয় ।

সকলো আবকাৰী অধীক্ষকে ব্ৰেণ্ড আৰু এম আৰ পি ইত্যাদিৰ বিৱৰণযুক্ত ষ্টকৰ গণনা নিশ্চিত কৰিব লাগিব।

বিক্ৰেতাসকলে ট্ৰেজাৰী চালান অনলাইন পৰ্টেলৰ মাধ্যমেৰে অতিৰিক্ত আবকাৰী শুল্ক আৰু ভেট সংযোজন‌ কৰিব লাগিব৷

সকলো পাইকাৰী গুদাম অৰ্থাৎ অনুজ্ঞপত্ৰ থকা সুৰা ব্যৱসায়ীসকলৰ পুৰণা এম আৰ পি থকা সকলো ষ্টককে নতুন এম আৰ পি লগোৱা নিশ্চিত কৰিব লাগিব।


অধিক খবৰ পঢ়ক : তলাবন্ধৰ সময়তে আধৰুৱা মেৰামতিৰ কাম সম্পন্ন ৰেলৱেৰ



Next Story