ৰাজ্যৰ সুৰা বিক্ৰেতাসকললৈ নিৰ্দেশনা আবকাৰী বিভাগৰ

ৰাজ্যৰ সুৰা বিক্ৰেতাসকললৈ নিৰ্দেশনা আবকাৰী বিভাগৰ
Published on: 

পুনৰ মদৰ দোকান মুকলিঃ ৰাজ্যৰ সুৰা বিক্ৰেতাসকললৈ নিৰ্দেশনা আবকাৰী বিভাগৰ

ৰাজ্যৰ আবকাৰী বিভাগে নতুন নিৰ্ধাৰিত মূল্য সম্বলিত(MRP) সুৰাৰ বটল বজাৰলৈ নহা লৈকে সুৰা বিক্ৰী নকৰিবলৈ সুৰা বিপণীসমূহলৈ নিৰ্দেশ জাৰি কৰিছে ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে সুৰাৰ দাম ২৫শতাংশ বৃদ্ধি কৰিছে ৷ গতিকে সুৰা নতুন দামত বিক্ৰী কৰাটো প্ৰয়োজন হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত শনিবাৰে অসমৰ সুৰাৰ খুচুৰা বিক্ৰেতাসকললৈ আবকাৰী নিৰ্দেশ জাৰি কৰে ।‌ ৰাজ্য কেবিনেটে শুকুৰবাৰে ১০০০ কোটি টকা অতিৰিক্ত ৰাজহ অৰ্জন কৰাৰ বাবে আই এম এফ এল সামগ্ৰীত ২৫% শুল্ক বৃদ্ধি কৰে ।

সুৰা বিক্ৰেতা সকললৈ জাৰি কৰা এই নিৰ্দেশনাত কেইটামান নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশকেইটা হ'লঃ

 সুৰাৰ খুচুৰা বিক্ৰেতাসকলে সুৰা বেচা-কিনা কৰিব নোৱাৰিব , যেতিয়ালৈকে নতুন এম আৰ পি বিভাগৰ দ্বাৰা দিয়া নহয় ।

 সকলো আবকাৰী অধীক্ষকে ব্ৰেণ্ড আৰু এম আৰ পি ইত্যাদিৰ বিৱৰণযুক্ত ষ্টকৰ গণনা নিশ্চিত কৰিব লাগিব।

 বিক্ৰেতাসকলে ট্ৰেজাৰী চালান অনলাইন পৰ্টেলৰ মাধ্যমেৰে অতিৰিক্ত আবকাৰী শুল্ক আৰু ভেট সংযোজন‌ কৰিব লাগিব৷

সকলো পাইকাৰী গুদাম অৰ্থাৎ অনুজ্ঞপত্ৰ থকা সুৰা ব্যৱসায়ীসকলৰ পুৰণা এম আৰ পি থকা সকলো ষ্টককে নতুন এম আৰ পি লগোৱা নিশ্চিত কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com