Begin typing your search above and press return to search.

ভুৱা মহিলা চিকিৎসকে তিনিচুকীয়াৰ দুটা পৰিয়ালৰ পৰা লুটিলে ২০ লাখ টকা

তিনিচুকীয়া জিলাৰ নিবাসী ৰুবী কুটুমৰ প্ৰলোভনেৰে ২০ লাখ টকা সৰকাই নিয়ে।

ভুৱা মহিলা চিকিৎসকে তিনিচুকীয়াৰ দুটা পৰিয়ালৰ পৰা লুটিলে  ২০ লাখ টকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Nov 2021 10:51 AM GMT


এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে অসমৰ তিনিচুকীয়া জিলাত। দুটি পৰিয়ালৰ পৰা তেওঁলোকৰ সন্তানক চিকিৎসীয় শিক্ষাৰ বাবে AIIMS ত নামভৰ্তি কৰোৱাৰ আভুৱা ভাঁৰি এগৰাকী ভুৱা মহিলা চিকিৎসকে দুটি পৰিয়ালৰ পৰা লুটিলে ২০লাখ টকা।

তথ্য অনুসৰি অভিযুক্ত মহিলাগৰাকীৰ নাম তৃশা পেগু। কিছু দিনৰ বাবে শিৱসাগৰ জিলাস্থিত স্বৰ্গদেৱ চুকাফা চিকিৎসালয়ত কাৰ্যনিৰ্বাহো কৰিছিল। তিনিচুকীয়া জিলাৰ নিবাসী ৰুবী কুটুমৰ পৰা তেওঁৰ কন্যাক MBBS ডিগ্ৰীৰ বাবে AIMS, নতুন দিল্লীত আসন দিয়াৰ প্ৰলোভনেৰে ২০ লাখ টকা সৰকাই নিয়ে।

কিছু মিছা প্ৰতিশ্ৰুতিৰ বিনিময়ত মহিলা গৰাকীৰ পৰা তেওঁ সংগ্ৰহ কৰিছিল মুঠ ২০লাখ টকা। তদুপৰি মহিলাগৰাকীৰ কোনো আত্মীয়ৰ পৰাও একে ধৰণৰ প্ৰতিশ্ৰুতি দি ভুৱা চিকিৎসকগৰাকীয়ে সৰকাই নিয়ে ৬ লাখ টকা। এই ঘটনা সংঘটিত কৰাৰ পাছৰে পৰা টকা সহ উধাও হৈ আছে অভিযুক্ত মহিলাগৰাকী।

ৰুবী কুটুম নামৰ মহিলা গৰাকীয়ে সংবাদ মাধ্যমক কয়, "তেওঁ মোক কৈছিল তেওঁ AIMS ৰ প্ৰাক্তন শিক্ষাৰ্থী আৰু নিজৰ সময়ৰ শীৰ্ষস্থান অধিকাৰী। আৰু সেইবাবে তেওঁ অনুষ্ঠানটোত দুটি আসনৰ যোগাৰ কৰিব পাৰিব। আমি তেওঁক বিশ্বাস কৰিলোঁ আৰু তেওঁক ২০লাখ টকা দিলোঁ। আমাৰ এগৰাকী আত্মীয়ই তেওঁক একেই উদ্দেশ্যৰে ৬লাখ টকা জমা দিছিল। তাৰ পাছৰে পৰা আমি মহিলা গৰাকীৰ সৈতে কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব পৰা নাই"।

উল্লেখযোগ্য যে মহিলা গৰাকীয়ে শিৱসাগৰ চিকিৎসালয়ত যোগ দিয়াৰ সময়তো নিজকে AIMS ৰ প্ৰাক্তন শিক্ষাৰ্থী ৰূপে ভুৱা তথ্য প্ৰদান কৰিছিল।

ইয়াৰ পূৰ্বেও, এনেধৰণৰ প্ৰতিশ্ৰুতি দি অৰুণাচল প্ৰদেশৰ এগৰাকী মহিলাৰ পৰা ধন সংগ্ৰহ কৰিছিল অভিযুক্ত মহিলা গৰাকীয়ে। আৰু এই ভুৱা চিকিৎসক গৰাকীয়ে চিকিৎসক হিচাপে যোগ কৰিছিল যোৰহাটৰ AG, নাৰ্চিংহোমত।


আৰু পঢ়িব পাৰেঃ বিভিন্ন দাবীৰ সমৰ্থনত দিল্লীত প্ৰতিবাদ আমছুৰ, প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ

Next Story