Begin typing your search above and press return to search.

ব্ৰহ্মপুত্ৰই বিপদসীমা অতিক্ৰম কৰাৰ আশংকাঃ গুৱাহাটী-উত্তৰ গুৱাহাটী মাজত ফেৰী সেৱা বন্ধ

ব্ৰহ্মপুত্ৰই বিপদসীমা অতিক্ৰম কৰাৰ আশংকাঃ  গুৱাহাটী-উত্তৰ গুৱাহাটী মাজত ফেৰী সেৱা বন্ধ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 May 2020 9:28 AM GMT

ব্ৰহ্মপুত্ৰই বিপদসীমা অতিক্ৰম কৰাৰ আশংকাঃ গুৱাহাটী-উত্তৰ গুৱাহাটী মাজত ফেৰী সেৱা বন্ধ

ভূতৰ ওপৰত দানহ! এফালে কৰোনা মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাব। আনফালে বান। আনকি মূহুৰ্তৰ ভিতৰতে গুৱাহাটী মহানগৰলৈ বিপৰ্যয় নমাই আনিব পাৰে মহাবাহু ব্ৰহ্মপুত্ৰই। কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰই যিকোনো মূহুৰ্ততে বিপদসীমা অতিক্ৰম কৰাৰ আশংকা প্ৰকট হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ উদ্বেগজনকভাবে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলা প্ৰশাসনৰ নিৰ্দেশনাত আভ্যন্তৰীণ জল পৰিবহন বিভাগে গুৱাহাটী আৰু উত্তৰ গুৱাহটীৰ মাজত ততাতৈয়াকৈ বলবত হোৱাকৈ ফেৰী সেৱা বন্ধ কৰিছে। অহা ৩১ মে"লৈকে এই ফেৰী সেৱা বন্ধ থাকিব।

উল্লেখ্য যে দ্ৰুতগতিত বাঢ়ি অহা বক্ষ্মপুত্ৰ জলপৃষ্ঠই গুৱাহাটী বিপদসীমা অতিক্ৰম কৰিবলৈ কেই চেণ্টিমিটাৰ মানহে বাকী আছে। এই সম্পৰ্কত কেন্দ্ৰীয় জল আয়োগৰ এজন বিষয়াই কয় যে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বিপদসীমা ৪৯ মিটাৰ। শেহতীয়াভাবে জলস্তৰ হ্ৰাস পাইছে যদিও বিপদৰ আশংকা দূৰ হোৱা নাই বুলি তেওঁ জনায়। আনহাতে, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিযয়া লাচিত দাসে কয় যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ কৰা হৈছে।

Next Story