শ্ৰীৰামচন্দ্ৰক তাচ্ছিল্ল্য ! অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে গোচৰ

শ্ৰীৰামচন্দ্ৰক তাচ্ছিল্ল্য ! অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে গোচৰ

এ বি ভি পিৰ কৰ্মীজনে অভিযোগ কৰা অনুসৰি অধ্যাপক সেনে হিন্দু ধৰ্মক অপমান কৰিছে।
Published on

ফে'চবুকত ভগৱান শ্ৰীৰামচন্দ্ৰক তাচ্ছিল্য কৰাৰ অভিযোগত গোচৰ ৰুজু হৈছে অসম বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকৰ বিৰুদ্ধে। প্ৰাপ্ত তথ্য অনুসৰি বিশ্ববিদ্যালয়খনৰ সহকাৰী অধ্যাপক আনিন্দ্য সেনে ৰামচন্দ্ৰক তাচ্ছিল্য কৰি ফে'চবুকত অলপতে এটা আপডেট দিয়ে। এই আপডেটৰ পাছতে তেওঁৰ বিৰুদ্ধে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কৰ্মী ৰোহিত চন্দ্ৰাই আৰক্ষীক গোচৰ দিয়ে। এ বি ভি পিৰ কৰ্মীজনে অভিযোগ কৰা অনুসৰি অধ্যাপক সেনে হিন্দু ধৰ্মক অপমান কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৰু দেশৰ গৃহমন্ত্ৰীৰ পদবীক লঘু কৰিছে।

" হিন্দু দেৱদেৱীক তাচ্ছিল্য কৰা আৰু ধৰ্মীয় অনুভূতিক আঘাত কৰাটো সম্প্ৰতি শিলচৰত এটা ফেশ্বনত পৰিণত হৈছে," অভিযোগকাৰীজনে এইদৰেও কয়। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অদ্যাপক সেনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ২৯৫-এ, ২৯৪ আৰু ৫০১ ধাৰাত এটা গোচৰ ৰুজু কৰিছে। অৱশ্যে অধ্যাপক সেনে এই অভিযোগ খণ্ডন কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com