চাওলুং ছ্যুকাফাক চীনা আক্ৰমণকাৰী আখ্যা দিয়া গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে গোচৰ

ভাস্কৰ গগৈ নামৰ এজন লোকে চেটাৰ্জীৰ বিৰুদ্ধে আজি আৰক্ষীক গোচৰ ৰুজু দিয়ে
চাওলুং ছ্যুকাফাক চীনা আক্ৰমণকাৰী আখ্যা দিয়া গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে গোচৰ

অসমত একেৰাহে ছশ বছৰ ধৰি শাসন কৰা চাওল্যুং ছ্যুকাফাক চীনা আক্ৰমণকাৰী আখ্যা দিয়া কলকাতাৰ গৰ্গ চেটাৰ্জী নামৰ লোকজন সম্প্ৰতি আইনী জঞ্জালত সাঙুৰ খাইছে ৷ ডিব্ৰুগড়ৰ ভাস্কৰ গগৈ নামৰ এজন লোকে চেটাৰ্জীৰ বিৰুদ্ধে আজি আৰক্ষীক গোচৰ ৰুজু দিয়ে ৷ সম্প্ৰতি চীনৰ সৈতে সম্পৰ্কৰ দ্ৰুত অৱনতি ঘটাৰ সময়ত এনে ধৰণৰ আপত্তিজনক মন্তব্যই দেশবাসীৰ মনত অবিশ্বাসৰ বাতাবৰণ গঢ়ি তোলাৰ আশংকা কৰি বিতৰ্কিত চেটাৰ্জীৰ বিৰুদ্ধে আৰক্ষীৰ দ্বাৰস্থ হৈছে ৷ তেওঁ চেটাৰ্জীৰ টুইটাৰ একাউণ্ট বন্ধ কৰাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে ৷

উল্লেখ্য যে কিছুমাহ পূৰ্বে বিতৰ্কিত চেটাৰ্জীয়ে নিজৰ টুইটাৰ একাউণ্টত মন্তব্য কৰে যে অসম চৰকাৰে এজন চীনা আক্ৰমণকাৰীৰ সোঁৱৰণত অসম দিৱস পাতি আহিছে ৷ অসম দিৱস উদযাপন কৰি অহাৰ বাবে তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সমালোচনা কৰে ৷ স্বাভাৱিকতে তেওঁৰ এই মন্তব্যই অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ ইয়াৰ ওমান পাই তেওঁ এই বিতৰ্কিত টুইট পাছত ডিলিট কৰে ৷ সম্প্ৰতি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা ভাস্কৰ গগৈয়ে অভিযোগ কৰে গৰ্গ চেটাৰ্জীয়ে ষড়যন্ত্ৰমূলকভাবে চাওলুং ছ্যুকাফা সন্দৰ্ভত এই আপত্তিজনক মন্তব্য কৰে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com