Begin typing your search above and press return to search.

ভাৰতৰ পৰা সাহায্য সামগ্ৰী প্ৰেৰণ তুৰস্কলৈ

দ্বিতীয়টো দল আক্ৰান্ত অঞ্চলত ৩০খন বিছনাযুক্ত চিকিৎসালয় স্থাপনৰ বাবে সজ্জিত কৰা হ’ব।

ভাৰতৰ পৰা সাহায্য সামগ্ৰী প্ৰেৰণ  তুৰস্কলৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Feb 2023 11:59 AM GMT

নতুন দিল্লীঃ তুৰস্ক আৰু ছিৰিয়াত ৬ ফেব্ৰুৱাৰীত একাধিক উচ্চ তীব্ৰতাৰ ভূমিকম্পৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু আৰু বহুলোক আহত হয়। তুৰস্কৰ ৰাষ্ট্ৰপতিৰ এই আবেদনৰ পিছত কেইবাখনো দেশে দেশখনত উদ্ধাৰ অভিযানত সহায় কৰিবলৈ সামগ্ৰী আৰু কৰ্মী প্ৰেৰণ কৰিছে। ভাৰতেও ভূমিকম্প প্ৰভাৱিত অঞ্চলসমূহৰ বাবে প্ৰথমটো যোগান আৰু বিশেষজ্ঞ প্ৰেৰণ কৰিছিল। মানৱীয় আৰু দুৰ্যোগ সাহায্য অভিযানৰ অংশ হিচাপে ভাৰতৰ পৰা ভাৰতৰ পৰা উৰা মাৰিলে ভাৰতীয় বায়ুসেনাৰ চি ১৭ বিমান। ইয়াৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহক ভাৰতে সম্ভৱপৰ সকলো সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল আৰু সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগসমূহক তাৎক্ষণিক কাৰ্যকৰীভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল।

লগতে পঢ়ক: মুছলিম বৰ্ডে বাল্য বিবাহ দমনত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে

Next Story
চাকৰি