শীৰ্ষ বাতৰি
নগালেণ্ডৰ দ্বাদশ জিলা নকলাকত প্ৰথম উপায়ক্ত-আৰক্ষী অধীক্ষক নিয়োগ
নৱগঠিত জিলাখনৰ চাৰিসীমা হৈছে পূৰ্বৰ নকলাক মহকুমাৰ চাৰিসীমা।
নগালেণ্ডৰ নৱগঠিত তথা দ্বাদশ জিলা হ'ল নকলাক। জিলাখনত সম্প্ৰতি প্ৰথমগৰাকী উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক নিযুক্তি দিয়া হৈছে। প্ৰাপ্ত তথ্য অনুসৰি কালি প্ৰথমগৰাকী উপায়ুক্তৰূপে ৰেনী উইলফ্ৰেডক আৰু আৰক্ষী অদীক্ষকৰূপে প্ৰীতপল কুমাৰ পাত্ৰক নিযুক্তি দিয়া হৈছে।
উল্লেখ্য যে ২০১৭ৰ ২১ ডিচেম্বৰত নগালেণ্ড চৰকাৰে নকলাকক জিলাৰূপে ঘোষণা কৰে। নৱগঠিত জিলাখনৰ চাৰিসীমা হৈছে পূৰ্বৰ নকলাক মহকুমাৰ চাৰিসীমা। ইতিমধ্যে ৰাজ্যখনৰ মুখ্য সচিবে নৱগঠিত জিলাখনৰ চাৰিসীমা নিৰ্ধাৰণ কৰি অধিসূচনা জাৰি কৰিছে।
আৰু পঢ়িব পাৰেঃ ইউ জি চিৰ পৰীক্ষা পতাৰ সিদ্ধান্তত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

