Begin typing your search above and press return to search.

ক'ৱিড-১৯ত আক্ৰান্ত হ'ল এয়াৰ ইণ্ডিয়াৰ পাঁচজন বৈমানিক

এয়াৰ ইণ্ডিয়াৰ মালবাহী বিমানসমূহে ক’ৱিড মহামাৰীয়ে অধিক জটিল ৰূপ ধাৰণ কৰা নিউয়ৰ্কৰ দৰে স্থানলৈ যাতায়াত কৰি আছে।

কৱিড-১৯ত আক্ৰান্ত হল এয়াৰ ইণ্ডিয়াৰ পাঁচজন বৈমানিক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 May 2020 7:41 AM GMT

ক'ৱিড-১৯ত আক্ৰান্ত হ'ল এয়াৰ ইণ্ডিয়াৰ পাঁচজন বৈমানিক

ক'ৰ'না মহামাৰীত আক্ৰান্ত হ'ল দেশৰ ৰাজহুৱা খণ্ডৰ বিমান সংস্থা এয়াৰ ইণ্ডিয়াৰ পাঁচজন বৈমানিক। সংস্থাটোৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে ৷ এই অনাকাংক্ষিত খবৰ পোৱাৰ পাছতে সংস্থাটোৰ বৈমানিক আৰু কৰ্মচাৰীসকলৰ মাজত উদ্বিগ্নতাৰ সৃষ্টি হৈছে ৷ এই সম্পৰ্কত এক সূত্ৰই কয় যে এয়াৰ ইণ্ডিয়াৰ মালবাহী বিমানসমূহে ক'ৱিড মহামাৰীয়ে অধিক জটিল ৰূপ ধাৰণ কৰা নিউয়ৰ্কৰ দৰে স্থানলৈ যাতায়াত কৰি আছে। তদুপৰি অলপতে চীনৰ গুৱাংজুলৈও এনে বিমানে চলাচল কৰে ।গতিকে পাঁচজনকৈ বৈমানিক ক'ৰ'না মহামাৰীত আক্ৰান্ত হোৱাটোৱে সংস্থাটোৰ বৈমানিক আৰু কৰ্মচাৰীৰ মাজত আতংকৰ সৃষ্টি কৰিছে । ইপিনে, দেশৰ কেতবোৰ অঞ্চলত ক'ৰ'নাত আক্ৰান্তৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ৷ শনিবাৰলৈকে অসমত ক'ৱিড আক্ৰান্তৰ সংখ্যা ৬২জনলৈ বৃদ্ধি পায় ।ত্ৰিপুৰাত ৪০জনৰো অধিক সীমান্ত সুৰক্ষা বাহিনী(বি এছ এফ)ৰ কৰ্মী এই মহামাৰীত আক্ৰান্ত হৈছে । আনহাতে, সমগ্ৰ দেশত বৰ্তমানলৈ ৬২, ৯৩৯জন এই মহামাৰীত আক্ৰান্ত হৈছে । তাৰ মাজতে সহস্ৰাধিক সুস্থ হৈছে। অসমত কমেও ৩৪জন ক'ৰ'নাত আক্ৰান্ত সুস্থ হৈ হাস্পতালৰ পৰা ঘৰলৈ গৈছে।

আৰু পঢ়িব পাৰেঃতলাবন্ধৰ সময়তে আধৰুৱা মেৰামতিৰ কাম সম্পন্ন ৰেলৱেৰ

Next Story