Begin typing your search above and press return to search.

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত চাৰি সেনা বিষয়া-জোৱানসহ পাঁচজন নিহত

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত চাৰি সেনা বিষয়া-জোৱানসহ পাঁচজন নিহত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 May 2020 7:53 AM GMT

ক'ৰ'নাৰ বিভীষিকাৰ মাজতে দেশ-মাতৃক ৰক্ষা কৰিবলৈ গৈ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ প্ৰাণ আহুতি দিলে চাৰি সেনা বিষয়া-জোৱানসহ পাঁচজন নিৰাপত্তা বাহিনীৰ লোকে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ হন্দৱাৰাত শনিবাৰে সন্ত্ৰাসবাদীৰ এটা দলৰ সৈতে নিৰাপত্তাবাহিনীৰ এক তয়াময়া সংঘৰ্ষৰ সূত্ৰপাত ঘটে। কেইবাঘণ্টা ধৰি চলা এই সংঘৰ্ষত চাৰিজন সেনা বিষয়া-জোৱান আৰু এজন আৰক্ষীয়ে প্ৰাণ হেৰুৱায়। সংঘৰ্যটোত নিহত সেনা বিষয়া-জোৱানকেইজনৰ মাজত এজন কৰ্ণেল আৰু এজন মেজৰো আছিল। ঘটনাটোৱে দেশজুৰি শোকৰ ছাঁ পেলাইছে। নিৰাপত্তা বাহিনীৰ লোককেইজনৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। টুইটাৰত তেওঁ কয়, " জম্মু-কাশ্মীৰৰ হন্দৱাৰত চাৰিজন সেনা আৰু এজন লোকে সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱাৰ ঘটনা বেদনাদায়ক। তেওঁলোকে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দি চৰম ত্যাগ কৰিলে। মই তেওঁলোকৰ ত্যাগক প্ৰণাম জনালো আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জনালো"।

Next Story