Begin typing your search above and press return to search.

স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ সন্তানক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ প্ৰাক্তন সেনা জোৱান

অৱশ্যে কি কাৰণত প্ৰাক্তন সেনা জোৱানজনে এনে আচৰণ কৰিলে, সেয়া স্পষ্ট হোৱা নাই

স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ সন্তানক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ প্ৰাক্তন সেনা জোৱান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 July 2020 9:11 AM GMT

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুই সন্তানক ভাবুকি দিয়া তথা মন্ত্ৰীজন আৰু তেওঁৰ পত্নী সন্দৰ্ভত অশালীন মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন প্ৰাক্তন সেনা জোৱান। অভিযোগ অনুসৰি প্ৰাক্তন সেনা জোৱান তীৰ্থ চলিহাই ফে'চবুকত স্বাস্থ্য মন্ত্ৰী আৰু তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নাম লিখি কেতবোৰ আপত্তিজনক তথা অশালীন মন্তব্য কৰে। তাতেই ক্ষান্ত নাথাকি তেওঁ স্বাস্থ্য মন্ত্ৰীৰ পুত্ৰ-কন্যাক হত্যাৰ ভাবুকি দি আপডেট দিয়ে। তেওঁৰ এই আপত্তিজনক আপডেটবোৰ আৰক্ষীৰ দৃষ্টিগোচৰ হয়। সেই মৰ্মে আজি তেওঁক মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ সাতগাঁৱৰ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।

এই সন্দৰ্ভত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ মিশ্ৰই দ্যা ছেণ্টিনেল ডিজিটেলক কয় যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ অধিক তদন্ত অব্যাহত আছে। অৱশ্যে কি কাৰণত প্ৰাক্তন সেনা জোৱানজনে এনে আচৰণ কৰিলে, সেয়া স্পষ্ট হোৱা নাই। চলিহাৰ প্ৰকৃত ঘৰ লখিমপুৰত।

আৰু পঢ়িব পাৰেঃ ক'ৰ'নাত মৃত্যু অসম আৰক্ষীৰ কনিষ্টবল পুনি মেচ পালৰ

Next Story
চাকৰি