প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ অৱস্থা জটিলঃ আই চি ইউত ভৰ্তি

তেওঁৰ অৱস্থা জটিল হৈ উঠাত তেওঁক আজি নিচেই পুৱা জৰুৰীকালীন কক্ষ(আই চি ইউ)-ত ভৰ্তি কৰা হয়।
প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ অৱস্থা জটিলঃ আই চি ইউত ভৰ্তি

আকস্মিকভাৱে স্বাস্থ্যৰ অৱস্থাৰ দ্ৰুত অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। ক'ৱিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত গগৈক যোৱা ২৬ আগষ্টত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয়। এই কথা পাছত তেওঁ টুইটাৰযোগে সদৰী কৰে। পুনৰ তেওঁৰ অৱস্থা জটিল হৈ উঠাত তেওঁক আজি নিচেই পুৱা জৰুৰীকালীন কক্ষ(আই চি ইউ)-ত ভৰ্তি কৰা হয়। 

ইয়াৰ পূৰ্বেও গগৈৰ অৱস্থা জটিল হৈছিল। এদিন নিশা ১১-৩০ বজাত তেওঁৰ শৰীৰত অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱাত তেওঁৰ ওচৰত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী শৰ্মাই গগৈৰ চিকিত্সাৰ তদাৰক কৰিছিল। পাছত মন্ত্ৰী শৰ্মাই টুইটাৰত এই কথা সদৰী কৰে।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com