এছ আই নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ খলনায়ক পি কে দত্ত পলাতক

এনে এক অবৈধ আৰু গোপন পৰীক্ষা গুৱাহাটীৰ সুন্দৰপুৰৰ এটা ঘৰতো অনুষ্ঠিত হয়। এই পৰীক্ষাত ১০০জন প্ৰাৰ্থী অৱতীৰ্ণ হয়।
এছ আই নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ খলনায়ক পি কে দত্ত পলাতক

অসম আৰক্ষীৰ শেহতীয়া উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ মূল খলনায়কৰূপে চিহ্নিত হৈছে এজন অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়া। সম্প্ৰতি পলাতক অৱস্থাত থকা এই অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়াজন হৈছে প্ৰাক্তন উপ-মহা পৰিদৰ্শক প্ৰদীপ কুমাৰ দত্ত। প্ৰাপ্ত তথ্য অনুসৰি আজি তদন্তকাৰী আৰক্ষীৰ দল দত্তৰ গুৱাহাটীৰ হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথস্থিত প্ৰাসাদোপম অট্টালিকাত উপস্থিত হয়। কিন্তু তেওঁক বিচাৰি নাপালে। দত্তৰ বাসভৱনত বহু সময় ধৰি তদন্তকাৰীয়ে তালাচী চলায়।

তদুপৰি আই এছ বি টিৰ ওচৰত অৱস্থিত দত্তৰ মালিকানাধীন দুখন হোটেলতো তদন্তকাৰীয়ে তালাচী চলায়। ইয়াৰে এখন হোটেলৰ নাম ভাৰ্গৱ। আনহাতে. এই তদন্তত পোহৰলৈ অহা অনুসৰি প্ৰায় ১৫০ জন প্ৰাৰ্থী পৰীক্ষাৰ আগদিনা এক গোপন এছ আই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হয়। এই পৰীক্ষা গুৱাহাটীৰ থেংক ইউ লজত অনুষ্ঠিত হয়। এক সূত্ৰৰ মতে, একোটা এছ আই পদ ১৫ লাখ টকাত বিক্ৰী হৈছিল।

ইতিমধ্যে এই লজত তালাচী চলাই আৰক্ষীয়ে এখন প্ৰশ্নকাকত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সূত্ৰটোৱে লগতে জনোৱা মতে, এনে এক অবৈধ আৰু গোপন পৰীক্ষা গুৱাহাটীৰ সুন্দৰপুৰৰ এটা ঘৰতো অনুষ্ঠিত হয়। এই পৰীক্ষাত ১০০জন প্ৰাৰ্থী অৱতীৰ্ণ হয়। উল্লেখ্য যে এই অনিয়মৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰক্ষী সঞ্চালকপ্ৰধানক এক তদন্তৰ নিৰ্দেশ জাৰি কৰি দোষীক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com