গুৱাহাটী কাৰাগাৰত ক'ৰ'নাত আক্ৰান্ত বিতৰ্কিত শ্বাৰ্জিল ইমাম

আই আই টি বম্বেৰ প্ৰাক্তন ছাত্ৰ শ্বাৰ্জিলৰ বিৰুদ্ধে দেশদ্ৰোহকে ধৰি বিভিন্ন ধাৰাত গোচৰ ৰুজু হৈ আছে।
গুৱাহাটী কাৰাগাৰত ক'ৰ'নাত আক্ৰান্ত বিতৰ্কিত শ্বাৰ্জিল ইমাম

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী অৱস্থাত ক'ৰ'না মহামাৰীত আক্ৰান্ত হ'ল জে এন ইউ প্ৰাক্তন ছাত্ৰ নেতা শ্বাৰ্জিল ইমাম। নাগৰিকত্ব(সংশোধনী) আইনবিৰোধী আন্দোলন চলি থকাৰ সময়ত উত্তৰ-পূবক দেশৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি অতি আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা শ্বাৰ্জিল বিগত কিছুমাহ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে। তেওঁক দিল্লীলৈ নিবলৈ দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ এটা দল গুৱাহাটীত উপস্থিত হৈছে। দলটোৱে দিল্লীলৈ নিবলৈ প্ৰস্তুতি চলোৱাৰ সময়তে প্ৰাক্তন ছাত্ৰ নেতাজনৰ শৰীৰত মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। অৱশ্যে দিল্লী আৰক্ষীৰ দলটো ক'ৰ'না নিগেটিভ হৈছে।

এই কথা সদৰী কৰি কাৰাগাৰ মহা-পৰিদৰ্শক দশৰথ দাসে কয় যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বহু বন্দীৰ শৰীৰত শেহতীয়াভাবে ক'ৰ'না ভাইৰাছ ধৰা পৰিছে।আই আই টি বম্বেৰ প্ৰাক্তন ছাত্ৰ শ্বাৰ্জিলৰ বিৰুদ্ধে দেশদ্ৰোহকে ধৰি বিভিন্ন ধাৰাত গোচৰ ৰুজু হৈ আছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com