১ ছেপ্টেম্বৰৰ পৰা পাঠদান আৰম্ভ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে

মুন তালুকদাৰে কয় যে পৰিস্থিতি পুনৰ স্বাভাৱিক হলে শ্ৰেণীকোঠাত উপস্থিত থকাৰ ক্ষেত্ৰত ছাত্ৰ সমাজৰ কোনো আপত্তি নাথাকিব।
১ ছেপ্টেম্বৰৰ পৰা পাঠদান আৰম্ভ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে
Published on

ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ থকা পাঠদান পুনৰ আৰম্ভ কৰাৰ যো-জা চলাইছে গুৱাহাটী বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা শেহতীয়া এক নিৰ্দেশনা অনুসৰি অহা ১ ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনত পুনৰ পাঠদান আৰম্ভ হ'ব। এই নিৰ্দেশনাত লগতে কোৱা হৈছে যে অহা ১ ছেপ্টেম্বৰৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসসমূহ পুনৰ মুকলি কৰা হ'ব।নিৰ্দেশনাত এই কথাও কোৱা হৈছে যে বিশ্ববিদ্যালয়ৰ বিভিন্ন পৰীক্ষাও অফ-লাইন পদ্ধতিত অনুষ্ঠিত কৰা হব।

বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে জাৰি কৰা এই নিৰ্দেশনাত আৰু কোৱা হৈছে যে বিশ্ববিদ্যালয়ৰ স্নাতক শ্ৰেণীৰ পৰীক্ষাসমূহ অহা ২২ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হব। স্নাতকোত্তৰ মহলাৰ পৰীক্ষাসমূহ ২৫ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হব। আনহাতে, এই নিৰ্দেশনা সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে কয় যে পৰিস্থিতি পুনৰ স্বাবাৱিক হলে শ্ৰেণীকোঠাত উপস্থিত থকাৰ ক্ষেত্ৰত ছাত্ৰ সমাজৰ কোনো আপত্তি নাথাকিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com