নম্বৰ প্লেটত আছে SEX শব্দঃ স্কুটী চলোৱাত লাঞ্ছনাৰ সন্মুখীন ছাত্ৰী

যোৱা ৩ নৱেম্বৰত স্কুটীখন মানসীক তেওঁৰ পিতৃয়ে উপহাৰ দিয়ে। স্কুটীখনৰ নম্বৰ প্লেট এনেধৰণৰঃ DL 3 SEX...।
নম্বৰ প্লেটত আছে SEX শব্দঃ স্কুটী চলোৱাত লাঞ্ছনাৰ সন্মুখীন  ছাত্ৰী
Published on

স্কুটীৰ নম্বৰ প্লেটত SEX শব্দটো থকাৰ বাবে স্কুটীখন চলাওঁতে দিল্লীৰ এগৰাকী ছাত্ৰী পদে পদে লাঞ্ছনাৰ সন্মুখীন হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ফেশ্বন ডিজাইনিঙৰ ছাত্ৰীগৰাকীক উদ্দেশ্যি উদণ্ড যুৱকে অশ্লীল বাক্যবাণ প্ৰয়োগ কৰাৰ ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি মানসী নামৰ ছাত্ৰীগৰাকীৰ স্কুটীৰ নম্বৰ প্লেটত  SEX শব্দটো আছে। যোৱা ৩ নৱেম্বৰত স্কুটীখন মানসীক তেওঁৰ পিতৃয়ে উপহাৰ দিয়ে।

উক্ত দিনা তেওঁৰ জন্মদিন। স্কুটীখনৰ নম্বৰ প্লেট এনেধৰণৰঃ DL 3 SEX...। স্কুটীখন লৈ তেওঁ ওলাই যোৱাৰ পাছতে একাংশৰ তীৰ্যক বাক্যবাণৰ সন্মুখীন হবলগা হয়। মানসীয়ে মেট্ৰো ৰেলত উঠি জনকপুৰীৰ পৰা নয়দালৈ প্ৰতিদিনে অহা-যোৱা কৰিবলগীয়া হয়।

কন্যাৰ কষ্ট দেখিয়েই তেওঁক পিতৃয়ে স্কুটীখন কিনি দিয়ে। কিন্তু দুৰ্ভাগ্যজনক যে মানসীয়ে স্কুটীলৈ ঘৰৰ পৰা ওলাই যোৱাৰ পাছতে বহুজনৰ অশ্লীল বাক্যবাণ সহ্য কৰিবলগীয়া হয়। মানসীয়ে কয় যে তেওঁক বহুতে নিলাজ বুলি গালি পৰে। কিন্তু সংশ্লিষ্ট পৰিবহণ কৰ্তৃপক্ষইহে তেওঁৰ স্কুটীখনৰ এই নম্বৰ দিছে। এনেধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈ মানসীয়ে স্কুটী চলাবলৈ এৰাৰ সিদ্ধান্ত লয়। তেওঁৰ য'ৰ পৰা স্কুটীখন ক্ৰয় কৰিছিল, সেই প্ৰতিষ্ঠানক স্কুটীখন ঘূৰাই দিবলৈ যায়। কিন্তু স্কুটীখনৰ ক্ষেত্ৰত বিক্ৰেতা প্ৰতিষ্ঠানে একো কৰিব নোৱাৰে বুলি জনায়। কাৰণ স্কুটীখনৰ নম্বৰ প্লেট সংশ্লিষ্ট আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষইহে প্ৰদান কৰা । 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com