শীৰ্ষ বাতৰি
বিশ্ব ব্যাঘ্ৰ দিৱসঃ ১২ বছৰত ভাৰতত দুগুণ হ'ল বাঘৰ সংখ্যা
২০১৪ত ভাৰতত মুঠ ১,৪০০টা বাঘ আছিল।২০১৯-ত ইয়াৰ সংখ্যা ২,৯৬৭টালৈ বৃদ্ধি পায়।
বিগত ১২ বছৰত ভাৰতত দুগুণ হ'ল বাঘৰ সংখ্যা। আজি বুধবাৰে বিশ্ব ব্যাঘ্ৰ দিৱসৰ দিনা এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাবড়েকাৰে। মন্ত্ৰী জাবড়েকাৰে প্ৰকাশ কৰা অনুসৰি ভাৰতত থকা বাঘৰ সংখ্যা বিশ্বৰ মুঠ বাঘৰ ৭০ শতাংশ। যিসময়ত বিশ্বত বাঘৰ সংখ্যা নিতৌ হ্ৰাস পাই আহিছে, তেনে সময়ত ভাৰতত বাঘৰ সংখ্যা বৃদ্ধি পোৱাটো নিঃসন্দেহে এক ইতিবাচক খবৰৰূপে চিহ্নিত হৈছে।
মন্ত্ৰী জাৱড়েকাৰে প্ৰকাশ কৰা অনুসৰি ২০১৪ত ভাৰতত মুঠ ১,৪০০টা বাঘ আছিল।২০১৯-ত ইয়াৰ সংখ্যা ২,৯৬৭টালৈ বৃদ্ধি পায়।আজি কেন্দ্ৰীয় বন মন্ত্ৰীয়ে বাঘৰ পিয়লৰ প্ৰতিবেদনো প্ৰকাশ কৰে। আনহাতে, দেশত বাঘৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ভাৰত চৰকাৰক ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে প্ৰশংসা কৰিছে।