Begin typing your search above and press return to search.

ৰাজহুৱা স্থান লেতেৰা কৰা লোকৰ তথ্য দিলে পুৰস্কাৰ দিব গুৱাহাটী পৌৰ নিগমে

ইয়াৰ লগতে বৰ্তমান সময়ত চাৰিও দিশে বিৰাজমান কৰা কৰণা মহামাৰীৰ সংক্ৰমণও এনে ধৰণৰ কামৰ পৰা বাঢ়ি যোৱাৰ সম্ভাৱনা আছে।

ৰাজহুৱা স্থান লেতেৰা কৰা লোকৰ তথ্য দিলে পুৰস্কাৰ দিব গুৱাহাটী পৌৰ নিগমে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Nov 2021 11:30 AM GMT

এতিয়াৰ পৰা ৰাজহুৱা স্থানত থু পেলালে উপযুক্ত দণ্ড বিহাৰ কথা ঘোষণা কৰিছে গুৱাহাটী পৌৰ নিগমে।

সমাজৰ বহু লোকৰ কাণ্ড-জ্ঞান নাই যে ৰাজহুৱা স্থান সমূহত থু খেকাৰ পেলাব নালাগে। বিশেষকৈ নতুন কৈ উদ্ধোধন কৰা দিছপুৰ উৰণীয়া সেতুখন। বৰ্তমানে বহু লোকে তামোল - পাণ, গুটখা আদিৰ দৰে দ্ৰব্য চোবাই থু আদিৰে সেতু খনৰ শোভাবৰ্ধন কৰা বিভিন্ন পোষ্টাৰ, চিত্ৰকলা আদি সমূহ বুৰাই পেলাইছে। এই কাম সমূহে শিক্ষিত সমাজত কু প্ৰভাৱ পেলোৱাৰ উপৰি সকলোৱে লৈকে অপযশ কঢ়িয়াই আনে। ইয়াৰ লগতে বৰ্তমান সময়ত চাৰিও দিশে বিৰাজমান কৰা কৰণা মহামাৰীৰ সংক্ৰমণও এনে ধৰণৰ কামৰ পৰা বাঢ়ি যোৱাৰ সম্ভাৱনা আছে।

সেই কাৰণে জনস্বাস্থ্য, সাৱধানতা আৰু মানৱীয়তাৰ ওপৰত চকু ৰাখি, এনে ৰাজহুৱা স্থল সমূহ অপৰিষ্কাৰ কৰাৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে মুকলি কৰিছে এখন নতুন অধিসূচনা।

১. ৰাজহুৱা স্থানত থু খেকাৰ পেলাই অপৰিষ্কাৰ কৰা লোক সকলক ১,০০০টকাৰ জৰিমণা বিহা হ'ব । আৰু ইয়াৰ বিৰোধিতা কৰা সকলক আৰু উচ্চ মানৰ জৰিমণা বিহা হ'ব।

২. প্ৰয়োজন সাপেক্ষে এনে লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ'ব।

৩. যদিহে কোনো লোক/ সংস্থাই গুৱাহাটী পৌৰ নিগমৰ অনুমতিৰ বিনা নিজৰ পোষ্টাৰ লগাইছে, তেন্তে ১৫দিনৰ ভিতৰত সেইসমূহ আঁতৰাব লাগিব। নতুবা ইয়াৰ বিপক্ষে উচিত আইন হাতত লোৱা হ'ব।

৪. এনে ধৰণৰ লোক সকলৰ বিৰুদ্ধে গোচৰ দাখিল কৰিবৰ বাবে গুৱাহাটী পৌৰ নিগমে ৪টা হোৱাটছ এপ নম্বৰ মুকলি কৰিছে।

৮৮১১০০৭০০০, ৭৩৯৯০০৩০০১, ৭৩৯৯০০৩০০২ আৰু ৭৩৯৯০০৩০০৪

৫. এই অপৰাধ সম্বন্ধীয় ফটো গুৱাহাটী পৌৰ নিগমৰ সৈতে শ্বেয়াৰ কৰা লুক সকলক ১, ০০০টকাৰে পুৰষ্কৃত কৰা হ'ব।

Next Story
চাকৰি