জি এম চি হাস্পতাল-বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানক কনটেইনমেণ্ট জ'ন ঘোষণা

১৬ বছৰীয়া কিশোৰী গৰাকীৰ সংস্পৰ্শলৈ আহিছিল বি বৰুৱা প্ৰতিষ্ঠানৰ একাধিক চিকিৎসক আৰু নাৰ্ছ।
জি এম চি হাস্পতাল-বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানক কনটেইনমেণ্ট জ'ন ঘোষণা
Published on

গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতাল আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানক কনটেইনমেণ্ট জ'ন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। যোৱা নিশা জি এম চি হাস্পতালৰ এজন চিকিত্সকৰ শৰীৰত কৰ'না ভাইৰাছ ধৰ পৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত হাস্পতালখনক কনটেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে। আনহাতে, ক'ৰ'নাত আক্ৰান্ত হৈ যোৱা নিশা মৃত্যু হোৱা   ১৬ বছৰীয়া কিশোৰী গৰাকীৰ সংস্পৰ্শলৈ আহিছিল বি বৰুৱা প্ৰতিষ্ঠানৰ একাধিক চিকিৎসক আৰু নাৰ্ছ।

সেয়েহে তিনিদিনৰ বাবে চিকিৎসালয়খন বন্ধ ৰখাৰ বাবে সিদ্ধান্ত লোৱা বুলি কৰ্তৃপক্ষই জনায়।

ইপিনে, কালি কিশোৰী গৰাকীৰ মৃত্যু হোৱাৰ লগে লগে সন্দেহ বশত: জি এম চি এইচৰ পৰা কোভিড চিকিৎসকৰ এটা দল গৈ কিশোৰীগৰাকীৰ স্বাৱ চেম্পল সংগ্ৰহ কৰি আনি পৰীক্ষা কৰাত কোভিড-১৯ পজিটিভ ধৰা পৰা বুলি সংবাদ মাধ্যমৰ আগত জনায়।

আনহাতে, অহা তিনিদিনলৈ প্ৰতিষ্ঠানখন বন্ধ থাকিব বুলি জানিব পাৰি এতিয়া বিমোৰত পৰিছে ৰোগীসকল।

ইপিনে, আজি বি বৰুৱা প্ৰতিষ্ঠানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু জি এম চি এইচৰ এক আৰু পাচঁ নম্বৰ ছাত্ৰাবাসো কনটেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে।

সেইদৰে চানমাৰীৰ অমিয়নগৰক কনটেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হয়। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com