শিল্পী ৰাজনীতিলৈ আহিব নালাগেঃ জুবিনক কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ

শিল্পী ৰাজনীতিলৈ আহিব নালাগেঃ জুবিনক কটাক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ

গগৈয়ে আৰু কয়, “ গেৰুৱা ৰঙৰ এম্বেচাডৰ হ’লে জুবিন গাৰ্গক সকলোৱে কেনেকৈ মানি ল’ব? মইয়ে জানো মানি ল’ব পাৰিম ?”
Published on

ৰাজ্যৰ কৃষি বিভাগৰ প্ৰস্তাৱিত ব্ৰেণ্ড এম্বেছাডৰ তথা জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ শেহতীয়া ভূমিকাক লৈ সৰৱ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। নাগৰিকত্ব(সংশোধনী) আইন বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা শিল্পী জুবিন কৃষি বিভাগৰ এম্বেচাডৰ হোৱাৰ পৰিৱৰ্তে গেৰুৱা ৰঙৰ এম্বেচাডৰ হ'ব বুলি কটাক্ষ কৰিছে গগৈয়ে।

জনপ্ৰিয় শিল্পীজনলৈ তীব্ৰ বাক্যবাণ এৰি গগৈয়ে আৰু কয়, " গেৰুৱা ৰঙৰ এম্বেচাডৰ হ'লে জুবিন গাৰ্গক সকলোৱে কেনেকৈ মানি ল'ব? মইয়ে জানো মানি ল'ব পাৰিম ?"

আনহাতে, সুধাকণ্ঠৰ দি শিল্পী ৰাজনীতিলৈ আহিব নালাগে বুলিও মন্তব্য কৰে গগৈয়ে।

গগৈয়ে লগতে কয়, 'মই ভাবো যে শিল্পীসকলে যিমান পাৰে ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগে। ভূপেন হাজৰিকাৰ কি হ'ল? গতিকে এইবোৰৰ পৰা আঁতৰি থাকিব লাগে।' লক্ষ্যণীয় যে ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে এইজন গগৈয়েই জুবিন গাৰ্গ, বৰষা ৰাণী বিষয়াৰ দৰে শিল্পীক ৰাজ্যসভালৈ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী কৰাৰ পোষকতা কৰিছিল।

তদুপৰি গগৈয়ে কৃষি বিপ্লৱৰ কাৰণে জুবিন অনুপযুক্ত বুলিও কটাক্ষ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com