শ্বপিং মলৰ গ্ৰাহকৰ বাবে নীতি-নিৰ্দেশনা জাৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শ্বপিং মলত গ্ৰাহকসকলে পালন কৰিবলগীয়া কেতবোৰ নীতি-নিৰ্দেশাৱলী জাৰি কৰিছে ৷
শ্বপিং মলৰ গ্ৰাহকৰ বাবে নীতি-নিৰ্দেশনা জাৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

শ্বপিং মলৰ গ্ৰাহকৰ বাবে নীতি-নিৰ্দেশনা জাৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

পূৰ্ব ঘোষণা অনুসৰি কেন্দ্ৰীৰ চৰকাৰে  চৰ্ত সাপক্ষে শ্বপিং মল মুকলিৰ অনুমতি দিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শ্বপিং মলত গ্ৰাহকসকলে পালন কৰিবলগীয়া কেতবোৰ নীতি-নিৰ্দেশাৱলী জাৰি কৰিছে ৷ গৃহ মন্ত্ৰালয়ৰ এই নীতি-নিৰ্দেশনাসমূহ তলত উল্লেখ কৰা হ'লঃ

১) গ্ৰাহকসকলে সম্ভৱ পৰ হোৱালৈকে শ্বপিং মলত নূন্যতম ছয় দূৰত্ব টজাই ৰাখিব লাগিব ৷

২) ক'ৰ'নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে গ্ৰাহকসকলে মাস্ক পৰিধান কৰিব লাগিব ৷ অথবা মুখত কাপোৰ মেৰিয়াই ৰাখিব লাগিব ৷

৩) গ্ৰাহকসকল বা শ্বপিং মলত প্ৰৱেশ কৰা আন লোকে সঘনে চাবোনেৰে হাত ধুই থাকিব লাগিব ৷ আনকি বাহ্যিক দৃষ্টিত হাত লেতেৰা নহ'লেও সঘনে হাত দুই-পখালি থাকিব লাগিব ৷

৪) মলত থকাৰ সময়ত গ্ৰাহকসকলে ছেনিটাইজাৰ ব্যৱহাৰ কৰি থাকিব লাগিব ৷

৫) হাঁচি-কাহ মাৰিলে টিছু পেপাৰ, গামোচা অথবা তেনেধৰণৰ সামগ্ৰীৰে মুখখন ঢাকি ধৰিব লাগিব ৷ টিছু পেপাৰ ভালদৰে গ্ৰাহকে নিষ্কাষণ কৰিব লাগিব ৷

৬) জ্যেষ্ঠ নাগৰিক, অসুস্থ ব্যক্তি আৰু গৰ্ভৱতী মহিলাসকলক শ্বপিং মললৈ যোৱাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com