ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক মাহিলী মাচুল ২৫ শতাংশ কৰ্তনৰ নিৰ্দেশ

শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ক’ৰ’না মহামাৰীজনিত পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক মাহিলী মাচুল ২৫ শতাংশ কৰ্তনৰ নিৰ্দেশ
Published on

ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক ছাত্ৰ-ছাত্ৰীৰ মাহিলী মাচুল ২৫ শতাংশ কৰ্তন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে অসম চৰকাৰে। টুইটাৰত এই কথা সদৰী কৰি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ক'ৰ'না মহামাৰীজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰাক—প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো ছাত্ৰ-ছাত্ৰীৰ মাহিলী মাচুল ২৫ শতাংশ ৰেহাই দিবলৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক কোৱা হৈছে বুলি সদৰী কৰি শিক্ষা মন্ত্ৰী শৰ্মাই এটা টুইটত কয়, " ২০২০ৰ মে'ৰ পৰা প্ৰাক-প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো ছাত্ৰ-ছাত্ৰীৰ মাহিলী মাচুল ২৫ শতাংশ ৰেহাই দিবলৈ কোৱা হৈছে। এই শিক্ষানুষ্ঠানসমূহে বিভিন্ন শিতানত পুঁজি জমা কৰি ৰাখে। " 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com