Begin typing your search above and press return to search.

শংকৰ জন্মোৎসৱ উপলক্ষ্যে কাইলৈ অসমত ড্ৰাই ডে ঘোষণা

সমগ্ৰ কামৰূপ মহানগৰ জিলাত এই সময়ছোৱাত বিলাতী মদৰ সকলো ধৰণৰ দোকান-পোহাৰ বন্ধ থাকিব ৷

শংকৰ জন্মোৎসৱ উপলক্ষ্যে কাইলৈ অসমত ড্ৰাই ডে ঘোষণা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-09-25T16:03:29+05:30

মহাপুৰুষ শংকৰদেৱৰ ৫৭২সংখ্যক জন্মোৎসৱ উপলক্ষ্যে কাইলৈ অসমত ৰাজ্য চৰকাৰে ড্ৰাই ডে ঘোষণা কৰিছে ৷ এই সংক্ৰান্তীয় নিৰ্দেশনা জাৰি কৰি আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে অসম আবকাৰী আইনৰ ৩২৬(বি) (৪) ধাৰাৰ অধীনত এই ড্ৰাই ডে ঘোষিত হৈছে ৷

ড্ৰাই ডে ঘোষিত সময়ছোৱাত যিকোনো ধৰণৰ সুৰা আৰু সুৰাৰ দৰে সামগ্ৰী বিক্ৰী, মজুত, পান কৰা নিষিদ্ধ হ'ব ৷ সমগ্ৰ কামৰূপ মহানগৰ জিলাত এই সময়ছোৱাত বিলাতী মদৰ সকলো ধৰণৰ দোকান-পোহাৰ বন্ধ থাকিব ৷

আৰু পঢ়িব পাৰেঃ অক্টোবৰৰ পহিলা সপ্তাহত ভক্তৰ বাবে কামাখ্যা মন্দিৰ মুকলিৰ সম্ভাৱনা

Next Story