গুৱাহাটীৰ লক-ডাউনঃ নতুন নিৰ্দেশনাসূচী প্ৰকাশ ৰাজ্য চৰকাৰৰ

এই নতুন নীতি-নিৰ্দেশনা কাইলৈ তথা ৫ জুলাইৰ পৰা অহা ১২জুলাইলৈ বলবত থাকিব।
গুৱাহাটীৰ লক-ডাউনঃ নতুন নিৰ্দেশনাসূচী প্ৰকাশ ৰাজ্য চৰকাৰৰ
Published on

ক'ৰ'না ভাইৰাছে জটিল ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত যোৱা দেওবাৰৰ মাজনিশাৰ পৰা পুনৰ ১৪দিনৰ বাবে পুনৰ তলাবন্ধ বা ল'কডাউন আৰোপ কৰে। আজি শনিবাৰে ৰাজ্য চৰকাৰে এই তলাবন্ধৰ সময়ছোৱাত প্ৰযোজ্য হ'বলগা কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰে। এই নতুন নীতি-নিৰ্দেশনা কাইলৈ তথা ৫ জুলাইৰ পৰা অহা ১২জুলাইলৈ বলবত থাকিব। ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰা এই নতুন নীতি-নিৰ্দেশাৱলী নিম্নোক্তধৰণৰঃ

১) সোমবাৰ আৰু বুধবাৰে (ছয় আৰু ৮ জুলাইত) পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ খাদ্য-সামগ্ৰীৰ দোকান(গেলামালৰ দোকান) খোলা থাকিব। অৱশ্যে জিলা উপায়ুক্তই ২০ শতাংশ দোকান খোলা ৰাখিবলৈহে অনুমতি দিব।

২) দোকান খোলা ৰখাৰ সময়ত দোকানী আৰু ক্ৰেতাই মাস্ক আৰু হাতত মোজা পিন্ধিব লাগিব।তদুপৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব।

৩) পাঁচ জুলাই (দেওবাৰ) আৰু সাত জুলাই (মঙলবাৰ)ত বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত খুচুৰা বিক্ৰেতাসকলক সামগ্ৰী যোগান ধৰিবলৈ পাইকাৰী ব্যৱসায়ীসকলক নিৰ্দেশ দিয়া হৈছে।

৪) সোমবাৰ আৰু বুধবাৰে পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজালৈ শাক-পাচলি আৰু ফলমূল ঘৰে ঘৰে বিক্ৰীৰ অনুমতি প্ৰদান।

৫) পশুৰোগৰ হাস্পতাল ঔষধ দোকান সকলো দিনতে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ খোলা ৰখাৰ অনুমতি।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com